উত্তৰ প্ৰদেশ চৰকাৰে কৰ’না সংক্ৰমণ হ্ৰাসৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনত তলাবন্ধ সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত ল’লে ।
ADVERTISEMENT
দেওবাৰৰ ৰাজ্যজুৰি সাপ্তাহিক তলাবন্ধৰ ব্যৱস্থা সমাপ্ত কৰাৰ সিদ্ধান্ত লৈ ৰাজ্য চৰকাৰখনে কয় যে আগন্তুক ৰাখি বন্ধনৰ দিনৰ পৰাই উত্তৰ প্ৰদেশ সম্পূৰ্ণৰূপে তলামুক্ত হ’ব ।
মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই কথা ঘোষণা কৰি লগতে কয় যে অহা দেওবাৰৰ পৰা ৰাজ্যৰ সকলো অঞ্চলত বজাৰ, উদ্যোগ প্ৰতিষ্ঠান, কাৰখানা ইত্যাদি সম্পূৰ্ণৰূপে খোলা থাকিব ।