মণিপুৰত উগ্ৰপন্থীৰ হাতত নিহত হোৱা শ্বহীদ বজালীৰ বীৰ জোৱান প্ৰণয় কলিতাৰ পৰিয়ালে আজিলৈ নাপালে কোনো সংস্থাপন

শ্বহীদৰ নামত উৎসৰ্গিত পথত কেইটামান শিলগুটি পেলাইয়ে দায়িত্ব সামৰিলে বিভাগীয় কৰ্তৃপক্ষই

২০২০ চনৰ ২৯ জুলাইত মণিপুৰত উগ্ৰপন্থীৰ হাতত নিহত হৈছিল বজালীৰ বীৰ জোৱান প্ৰণয় কলিতা । শ্বহীদ গৰাকীৰ বাসগৃহ তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ স’তে উপস্থিত হৈছিল চৰকাৰৰ কে’বাগৰকীও মন্ত্ৰী বিধায়ক ।

মুখ্যমন্ত্ৰী সোণোৱালে শ্বহীদ পৰিয়ালয়টিক সমবেদনা জ্ঞাপন কৰি প্ৰদান কৰিছিল কে’বাটাও প্ৰতিশ্ৰুতি । তাৰ ভিতৰত অন্যতম আছিলে শ্বহীদ গৰাকীৰ বাসগৃহ লৈ যোৱা পথটো নিৰ্মাণ কৰি শ্বহীদ গৰাকীৰ নামত উৎসৰ্গা কৰা, শ্বহীদ পৰিয়ালৰ চাকৰি আৰু শ্বহীদ গৰাকীৰ দুই কণমানি সন্তানৰ পঢ়াৰ দায়িত্ব গ্ৰহণ কৰা আদি ।

কিন্তু প্ৰতিশ্ৰুতি ৰক্ষাত কিমান সফল হৈছিল সোণোৱাল চৰকাৰখন । শ্বহীদৰ প্ৰতি কি সন্মান প্ৰদৰ্শন কৰিলে চৰকাৰ খনে । এবছৰ উকলি গʼল, শ্বহীদৰ নামত উৎসৰ্গিত পথটোত দুটি মান শিলগুটি পেলাই য়ে দায়িত্ব সামৰিলে বিভাগীয় কৰ্তৃপক্ষই ।

আজিলৈকে পৰিয়ালটিক সংস্থাপন কোনো ব্যৱস্থাই গ্ৰহণ নকৰিলে চৰকাৰখনে । তাৰ বাবে এতিয়া যথেষ্ট সমস্যাৰ সন্মুখীন হʼব লগা হৈছে শ্বহীদ পৰিয়ালটো ।

Exit mobile version