খহনীয়াৰ কবলৰ পৰা বচোৱা হ’ব শংকৰ মাধৱ সত্ৰক

শালবাৰীৰ গোৱৰ্ধনাত বেঁকীৰ খহনীয়া পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ

বাগসাৰ শালবাৰীৰ গোৱৰ্ধনাত আজি বেঁকী নৈৰ খহনীয়া পৰিদৰ্শন কৰে অসমৰ জলসিঞ্চন মন্ত্ৰী পীযুষ হাজৰিকাই ৷ খহনীয়া পৰিদৰ্শন কৰি বেঁকী নৈৰ বুকুত জাহ যাব খোজা গোৱৰ্ধনাৰ ১১৫ বছৰীয়া ঐতিহ্যমণ্ডিত শংকৰ মাধৱ সত্ৰখন ৰক্ষাৰ্থে তৎকালীনভাবে কাম আৰম্ভ কৰাৰ আশ্বাস প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে ৷ সম্প্ৰতি ১৫ দিনৰ বাবে অস্থায়ীভাবে খহনীয়া ৰোধৰ কাম আৰম্ভ কৰিব আৰু খৰালি সময়ত ইয়াৰ স্থায়ী সমাধান কৰিব বুলি সংবাদ মাধ্যমৰ জৰিয়তে আশ্বাস প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে ৷

মন্ত্ৰী হাজৰিকাই শতিকা গৰকা শংকৰ মাধৱ সত্ৰখনত উপস্থিত হৈ সত্ৰৰ দুৱাৰদলিত আঠুকাঢ়ি সেৱা গ্ৰহণ কৰে‌ ৷ মন্ত্ৰীগৰাকীক সংগ দিয়ে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰনজিৎ কুমাৰ দাসে ।‌ ইফালে খহনীয়া পৰিদৰ্শন কৰি উভতি যোৱাৰ সময়ত মন্ত্ৰী হাজৰিকাৰ বাহনখন বেয়া ৰাস্তাৰ বাবে বেঁকীৰ পাৰতে আৱদ্ধ হৈ পৰে ৷ স্থানীয় ৰাইজৰ সহযোগত বহু সময়ৰ মূৰকত আৱদ্ধ হৈ পৰা মন্ত্ৰীৰ বাহনখন ঠেলি ঠেলি পথৰ পৰা উঠাবলৈ সক্ষম হয় ৷

মন্ত্ৰীৰ বাহনখন পথত আৱদ্ধ হৈ পৰাৰ সংক্ৰান্তত স্থানীয় ৰাইজে জানিবলৈ দি কয় যে গোৱৰ্ধনাৰ পৰা বেঁকীপৰীয়া শংকৰ মাধৱ সত্ৰলৈ যোৱা পথটো পূৰ্বৰ পৰাই বেয়া ৷ কোনো জনপ্ৰতিনিধিয়ে পথটো ভাল কৰাৰ ক্ষেত্ৰত কোনো ধৰণে চিন্তা নকৰে ৷ কিন্তু আজি অসম চৰকাৰৰ দুগৰাকীকৈ মন্ত্ৰী বেঁকীৰ খহনীয়া পৰিদৰ্শন কৰিবলৈ অহাৰ কথা জানিব পাৰিয়ে কালি ৰাতিৰে পৰা আজি মন্ত্ৰী উপস্থিত হোৱাৰ আগমুহূৰ্তলৈ খৰখেদাকৈ পথছোৱাত কিছু সৰু-সৰু শিল আৰু বালি পেলাই মন্ত্ৰীৰ আগত ধোৱা তুলসীৰ পাত হ’বলৈ চেষ্টা কৰিছে স্থানীয় জনপ্ৰতিনিধি আৰু ঠিকাদাৰে ৷ খৰখেদাকৈ পথ নিৰ্মাণৰ কাম হাতত লোৱা বাবেই আজি মন্ত্ৰীৰ বাহনখন পথত আৱদ্ধ হৈ পৰা বুলি অভিযোগ কৰে স্থানীয় ৰাইজে ৷

আনফালে, স্থানীয় নৈপৰীয়া ৰাইজৰ স’তে কোনো ধৰণৰ মত বিনিময় নকৰি দুখ দুৰ্দশাৰ খবৰ নোলোৱাত মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে ক্ষোভ উজাৰে একাংশ স্থানীয় ৰাইজে ৷ উল্লেখ্য যে,শালবাৰীৰ গোৱৰ্ধনাৰ উপৰিও মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া এলেঙামাৰীতো আজি বেঁকীৰ খহনীয়া প্ৰত্যক্ষ কৰে জলসম্পদ মন্ত্ৰীগৰাকীয়ে ৷

Exit mobile version