বৈবাহিক ধৰ্ষণৰ অভিযোগৰ থকা এজন ব্যক্তিক মুক্তি দিলে ছত্তীশগড় উচ্চ ন্যায়ালয়ে ।বৃহস্পতিবাৰে আদালতে জনাই , ভাৰতীয় দণ্ডবিধিৰ অধীনত, যদি পত্নীৰ বয়স ১৫ বছৰৰ অধিক হয়, ইয়াক বৈবাহিক ধৰ্ষণ বুলি গণ্য কৰা নহ’ব। বিবাহৰ পাছত পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে যৌনসম্পৰ্ক অপৰাধ নহয়।
পত্নীয়ে অভিযোগ কৰিছিল যে স্বামীয়ে বিয়াৰ পাছৰে পৰা যৌতুকৰ বাবে মহিলাগৰাকীক বিভিন্ন ধৰণে নিৰ্যাতন কৰিছিল। অপ্ৰাকৃতিক উপায়েৰে শাৰীৰিক সম্পৰ্ক স্থাপন কৰে।
শুনানিত ন্যায়াধীশ এন কে চন্দ্ৰবংশীয়ে কয়, ‘গোচৰটোৰ অভিযোগকাৰী অভিযুক্তৰ আইনী পত্নী। গতিকে যৌনতা ভাৰতীয় আইনৰ দৃষ্টিত বলপূৰ্বক বা পত্নীৰ অনিচ্ছা স্বত্বেও ধৰ্ষণ নহয়। ‘
ধর্ষনৰ ধাৰা ৩৭৭ ত মুক্তি দিলেউ ৩৭৭ ধৰা (অপ্ৰাকৃতিক যৌনসংগম ) আৰু ৪৯৮ৰ(মহিলাৰ ওপৰত নিৰ্যাতন ) বাহাল ৰাখিছে উচ্চ ন্যায়ালয়ে ।
বিচাৰকজনে মত প্ৰকাশ কৰিছিল যে মহিলাগৰাকীৰ বিৰুদ্ধে অত্যাচাৰৰ অভিযোগ তেওঁৰ পিতৃ-মাতৃ আৰু চুবুৰীয়াৰ বক্তব্যৰ ওপৰত ভিত্তি কৰি স্পষ্ট হৈছিল। ফলস্বৰূপে অনুচ্ছেদ ৪৯৮এ/৩৪ দিয়াত কোনো সমস্যা নাই।
ছয় আগষ্টত, কেৰালা উচ্চ ন্যায়ালয়ে ৰায় দিছিল যে বৈবাহিক ধৰ্ষণ শাস্তিযোগ্য অপৰাধ নহয়। কিন্তু বিবাহ বিচ্ছেদৰ কাৰণ গ্ৰহণযোগ্য।