সশস্ত্ৰ সীমা বল চমুকৈ এছএছবিৰ হাউলীস্থিত ২৭ নং বেটেলিয়নৰ বিঅপি বঙাইগাঁও শাখাৰ কোমাণ্ডেট বিষয়া,সৈনিক সকলৰ উদ্যোগত বাগসাৰ ডুমুনীত স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন কৰা হয়৷
কৰ’নাকালীন পৰিস্থিতিৰ বাবে সমগ্ৰ ৰাজ্যত বিদ্যালয়ৰ পাঠদান বন্ধ থকাৰ প্ৰতি লক্ষ্য ৰাখি কিছু সংখ্যক ছাত্র ছাত্ৰীৰ উপস্থিতত ছবি অংকন প্ৰতিযোগিতা আৰু চাইকেল ৰেলী অনুষ্ঠান অনুষ্ঠিত কৰি ভৱিষ্যতে দেশৰ প্ৰতি সেৱা আগবঢ়াবলৈ ছাত্ৰছাত্ৰী সকলক অনুপ্ৰাণিত আৰু উৎসাহিত কৰা হয়।
ছবি অংকন প্ৰতিযোগিতাত প্ৰথম স্থান তৃষ্ণা দাস, দ্বিতীয় দিদুমশ্ৰী বড়ো আৰু তৃতীয় স্থান মুন চৌধুৰীয়ে লাভ কৰে। স্থান লাভ কৰা ছাত্ৰ ছাত্ৰী সকলক ডনবস্ক বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু সৈনিক দলৰ কমাণ্ডাৰ বিষয়া সকলে পুৰস্কাৰ প্ৰদান কৰাৰ লগতে অনুষ্ঠানত উপস্থিত থকা ডনবক্স স্কুল ডুমুনীৰ প্ৰধান শিক্ষক গৰাকীয়ে দেশক দিনে ৰাতিয়ে সুৰক্ষা প্ৰদান কৰা সৈনিক বীৰ সকলক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে৷






























