আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগ (চিআইডি)এই কলকাতা বিমানকোঠ চৌহদৰ সন্মুখৰ পৰা চাৰিটা উজ্জ্বল পাত্থৰৰ দৰে পদাৰ্থ উদ্ধাৰ কৰিলে । চি আই ডিয়ে সন্দেহ কৰা অনুসৰি, উদ্ধাৰ কৰা পদাৰ্থকেইটা প্ৰকৃততে শক্তিশালী তেজস্ক্ৰিয় পদাৰ্থ কেলিফ’ৰ্ণিয়ামৰ । এই কেলিফ’ৰ্ণিয়ামৰ প্ৰতি গ্ৰামৰ মূল্য আন্তৰ্জাতিক বজাৰত কমেও ১৭ কোটি টকা ।
বিমানকোঠৰ সমীপত যি পৰিমাণৰ কেলিফ’ৰ্ণিয়াম জব্দ কৰা হৈছে, ইয়াৰ মূল্য কমেও চাৰি হেজাৰ ২৫৮ কোটি ৫০ লাখ টকা হ’ব । চাৰিটা কেলিফ’ৰ্ণিয়ামৰ টুকুৰাৰ মুঠ ওজন ২৫০.৫ গ্ৰাম । চি আই ডিয়ে লগতে জনোৱা অনুসৰি, এই তেজস্ক্ৰিয় পদাৰ্থ পৰিবহণ কৰা দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে । ধৃত দুজন ব্যক্তিয়ে পশ্চিমবংগৰ হুগলি জিলাৰ বাসিন্দা ।
ধৃত শৈলেন কৰ্মকাৰৰ ঘৰ ছিংগুৰিত । আনজন অভিযুক্ত অসিত ঘোষ হৈছে পুলবাৰ বাসিন্দা । কালি পুৱা শৈলেন আৰু অসিতক চি আই ডিয়ে কলকাতা বিমানকোঠৰ সন্মুখৰ পৰা গ্ৰেপ্তাৰ কৰিছিল । পাছত দুপৰীয়া ধৃত দুই ব্যক্তিক বাৰাকপুৰ আদালতত দাখিল কৰা হৈছিল আৰু আদালতে দুয়োজনকে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে ।
তদন্তকাৰীয়ে প্ৰকাশ কৰা অনুসৰি, ধৃত দুই যুৱকে জেৰাত ইতিমধ্যে কেলিফ’ৰ্ণিয়াম সৰবৰাহ কৰাৰ কথা স্বীকাৰ কৰিছে । অৱশ্যে বাজেয়াপ্ত কৰা পাত্থৰকেইটা প্ৰকৃততে তেজস্ক্ৰিয় পদাৰ্থ কেলিফ’ৰ্ণিয়াম হয় নে নহয় নিশ্চিত কৰিবলৈ চি আই ডিয়ে গৱেষণাগাৰলৈ প্ৰেৰণ কৰিছে । চি আই ডিয়ে প্ৰকাশ কৰা বিবৃতিত উল্লেখ কৰা মতে, পাত্থৰকেইটা ছাইৰঙী আৰু অন্ধকাৰতো জিলমিল কৰি থাকে ।
উল্লেখ্য যে কেলিফ’ৰ্ণিয়াম হৈছে বিশ্বৰ অন্যতম দামী তেজস্ক্ৰিয় পদাৰ্থ । এই মূল্যৱান তেজস্ক্ৰিয় পাত্থৰ কৰ্কট ৰোগৰ চিকিৎসাতো ব্যৱহাৰ কৰা হয় । আনকি বিস্ফোৰক চিনাক্ত কৰা যন্ত্ৰটো কেলিফ’ৰ্ণিয়াম ব্যৱহাৰ কৰা হয় । ধৃত দুই যুৱকে কি কাৰণত বৃহৎ পৰিমাণৰ তেজস্ক্ৰিয় পদাৰ্থ সৰবৰাহ কৰিছিল সেই সন্দৰ্ভত চি আই ডিয়ে অনুসন্ধান অব্যাহত ৰাখিছে । বিমানকোঠৰ নিচেই সমীপতে কেলিফ’ৰ্ণিয়ামৰ দৰে তেজস্ক্ৰিয় পদাৰ্থ এইদৰে উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ।