গৰাখহনীয়াত জাহ যাব নেকি কোকৰাঝাৰৰ পশ্চিম সমষ্টীৰ লোঙা আৰু গোঙিয়া নদীৰ পাৰৰ ২৫ খনৰো অধিক গাঁও !

Screenshot 133

গৰাখহনীয়া আৰু বানত জাহ যাব নেকি কোকৰাঝাৰৰ পশ্চিম সমষ্টিৰ লোঙা নদী আৰু গোঙিয়া নদীৰ পাৰৰ মাওৰীয়া গাঁও, বেতানী, শিমলাগুড়ী, বোৱাগুৰী, তেতলিগুৰী ঢেপঢেপী, নামাপাৰা গাঁৱৰ লগতে কে’বাখনো গাঁও । কে’বাশতাধিক বিঘা মাটি নদীত জাহ যোৱাৰ পাছতো কোনো কাণষাৰ নাই স্থানীয় জনপ্ৰতিনিধীৰ লগতে বিভাগীয় বিষয়াৰ ।

উল্লেখ্য যে অসম বিধান সমষ্টিৰ কোকৰাঝাৰ পশ্চিম জনজাতি সমষ্টি তথা বিটিচিৰ ফকিৰাগ্ৰাম পৰিষদীয় সমষ্টিৰ চিথিলা ভিচিডিচিৰ অন্তৰ্গত তেতেলীগুৰী, বোৱাগুৰী, লামাপাৰা , ঢেপঢেপী, শিমলাগুৰী অঞ্চলৰ ৰাইজৰ বিগত কিছুদিন ধৰি লোঙা নদীৰ বাঢ়নী পানীয়ে নিদ্ৰা হৰণ কৰিছে ।

ইতিমধ্যে কে’বাশতাধিক বিঘা খেতি কৰা কৃষি ভূমি নদীত জাহ গৈছে । নিৰ্বাচনৰ পূৰ্বে বৰ্তমানৰ ফকিৰাগ্ৰাম পৰিষদীয় সদস্যগৰাকী উক্ত স্থানত ভোট বিচাৰী আহিছিল, কিন্তু নিৰ্বাচনত জয়ী হোৱা পাছত কোনো ধৰণৰ খা-খবৰ লোৱা নাই বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে ।

ইতিমধ্যে স্থানীয় ইএমগৰাকীক গাঁওবোৰৰ সমস্যাসমূহৰ কথা অৱগত কৰা হৈছে যদিও এতিয়ালৈকে কোনো ধৰণৰ গুৰুত্ব আৰোপ হোৱা পৰিলক্ষিত হোৱা নাই । গতিকে ৰাইজে বিটিআৰ আৰু অসম চৰকাৰলৈ অনতি পলমে উক্ত গৰাখহনীয়াৰ স্থায়ী সমস্যা সমাধান কৰি দিয়াৰ বাবে অনুৰোধ জনাইছে ।

Exit mobile version