সকলো জনগোষ্ঠীৰ প্রতিনিধিৰে আফগানিস্তানত তদাৰকি চৰকাৰ গঠন কৰিব তালিবানে

Taliban appoints finance minister and caretaker interior minister

সকলো জনগোষ্ঠীৰ প্রতিনিধিসকলক লৈ আফগানিস্তানত এখন তদাৰকি চৰকাৰ গঠন কৰিব বিচাৰে তালিবানে । শুকুৰবাৰে কাতাৰৰ ৰাজধানী দোহত তালিবান ৰাজনৈতিক দফতৰৰ তৰফৰ পৰা এই কথা জনোৱা হয় ।

যোৱা ১৫ অগষ্টত ৰাজধানী কাবুল দখলৰ পাছতেই দেশৰ নাম সলনি কৰি ‘আফগানিস্তান ইছলামি আমিৰশাহি’ কৰিছিল তালিবান নেতৃত্ব‌ই । শুকুৰবাৰে সংগঠনৰ তৰফৰ পৰা এক বিবৃতিত জনোৱা হয়, নতুন তদাৰকি চৰকাৰৰ নেতৃত্ব দিব ‘আমিৰ-উল-মোমিনিনে’। প্রসংগত, দ্বিতীয় খলিফা উমৰে এই উপাধি গ্রহণ কৰিছিল । পৰৱর্তী সময়ত খিলাফত অনুসৰী মুছলিম শাসকসকলৰ অনেকে এই উপাধি ব্যৱহাৰ কৰিছিল ।

তালিবানৰ এজন নেতাই কয়, তদাৰকি চৰকাৰত অভ্যন্তৰীণ নিৰাপত্তা, প্রতিৰক্ষা, বিচাৰ, অর্থ, তথ্য-সম্প্রচাৰৰ লগতে কাবুল বিষয়ক বিশেষ দফতৰো থাকিব ।

আফগানিস্তানত পৰৱর্তী চৰকাৰৰ আমিৰ পদত কোন বহিব, সেই বিষয়ত এতিয়াও আনুষ্ঠানিক সিদ্ধান্ত লোৱা নাই তালিবান নেতৃত্ব‌ই । কিন্তু সংগঠনৰ ৰাজনৈতিক শাখাৰ প্রধান মোল্লা আব্দুল ঘানিৰ পদত বহিব পাৰে বুলি ইংগিত পোৱা গৈছে । এই ক্ষেত্রত প্ৰত্যক্ষভাৱে চৰকাৰী পদত নবহি ইৰানৰ আয়াতুল্লা খামেইনিৰ দৰে ‘সর্বোচ্চ ধর্মীয় গুৰু’ৰ সংবিধান বহির্ভূত ক্ষমতা উৎস হ’ব পাৰে বর্তমান তালিবান প্রধান হায়বাতুল্লা আখুন্দজাদা ।

তালিবান প্রতিষ্ঠাতা মোল্লা ওমৰৰ পুত্ৰ ইয়াকুব আৰু হক্কানি নেটৱর্কৰ নেতা ছিৰাজুদ্দিন হক্কানিৰো চৰকাৰত পদ লাভ কৰাটো খাটাং । কিন্তু ঘটনাচক্রে এওঁলোক সকলোৱে আফগানিস্তানত সংখ্যাগঢ়িস্থ পাশতুন জনগোষ্ঠীৰ প্রতিনিধি । তালিবান বাহিনীৰ প্রায় সকলোৱে এই জনগোষ্ঠীৰ । এনে পৰিস্থিতিত তদাৰকি চৰকাৰৰ গ্রহণযোগ্যতা বঢ়াবলৈ তাজিক, উজবেক, হাজাৰাৰ দৰে জনগোষ্ঠীৰ প্রতিনিধিসকলক অন্তর্ভুক্ত কৰিব বিচাৰিছে তালিবানে ।

প্রাক্তন উপ-ৰাষ্ট্ৰপতি তথা তাজিক নেতা আবদুল্লা আবদুল্লা ইতিমধ্যে কাবুলৰ পৰা প্রাক্তন ৰাষ্ট্ৰপতি হামিদ কাৰ্জাই আৰু তালিবান নেতাসকলৰ স’তে পৰৱর্তী চৰকাৰ গঠনৰ প্রক্রিয়াত জড়িত হৈছে । নতুন চৰকাৰত তেওঁৰ স্থান থাকিব পাৰে । আনহাতে, শিয়া ধর্মাৱলম্বী হাজাৰা গোষ্ঠীৰ নেতা আব্দুল কৰিম খলিলি কাবুলৰ পতনৰ পাছত পাকিস্তানত বাহৰ পাতি আছে । তেওঁকো চৰকাৰত অন্তৰ্ভুক্ত কৰা হ’ব পাৰে । উজবেক গোষ্ঠীৰ নেতা ৰছিদ দোস্তমকো তদাৰকি চৰকাৰত অন্তৰ্ভুক্ত কৰিবলৈ আগ্রাহী তালিবান । যদিও প্রাক্তন উপ-ৰাষ্ট্ৰপতি দোস্তম এতিয়াও তালিবান বিৰোধী জোঁটতেই আছে ।

Exit mobile version