শনিবাৰে নিশা ধিং আৰু বটদ্ৰৱা আৰক্ষীৰ যুটীয়া অভিযানত জব্দ কৰা হয় বৃহৎ পৰিমাণৰ চোৰাং চাউল। ধিং আৰু বটদ্ৰৱা আৰক্ষীয়ে শনিবাৰে নিশা এক গোপন সুত্ৰৰ পমখেদি চলোৱা অভিযানত কদমণিৰ জামতলাত সূলভ মূল্যৰ বৃহৎ পৰিমাণৰ চোৰাং চাউল জব্দ কৰাৰ লগতে গাড়ীৰ চালক আৰু চাউলৰ গৰাকীক আটক কৰিবলৈ সক্ষম হয়।
বটদ্ৰৱা আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি সূলভ মূল্য দোকানৰ এই চোৰাং চাউল খিনি ৰূপহীৰ পৰা মৰিগাঁও জিলাৰ মৈৰাবাৰীলৈ লৈ গৈছিল ।
AS-02-LC-6890 নম্বৰৰ ট্ৰাকখনত ধানৰ বস্তাৰ মাজত লুকুৱাই আনিছিল এই বৃহৎ পৰিমাণৰ চাউল খিনি। সুলভ মূল্যৰ দোকানত চৰকাৰীভাৱে দৰিদ্ৰ জনসাধাৰণক যোগান ধৰা এই চাউলেৰে একাংশ অসাধু ব্যৱসায়ীয়ে গঢ়ি তুলিছে বৃহৎ পৰিমাণৰ ক’লা ব্যৱসায়।
তথ্য অনুসৰি এই বৃহৎ পৰিমাণৰ চাউল লৈ অহা হৈছিল বটদ্ৰৱাৰ এটি ভিতৰুৱা পথেৰে। সম্প্ৰতি নগাওঁ জিলাৰ পশ্চিম অঞ্চল আৰু সীমান্তবৰ্তি মৰিগাওঁ জিলাৰ অঞ্চল সমূহক কেন্দ্ৰ কৰি চোৰাং চাউলৰ এখন বৃহৎ বজাৰ গঢ়ি উঠাৰ অভিযোগ উঠিছে।
একাংশ সমবায় সমিতিৰ বিষয় ববীয়াই যোগান বিভাগৰ কৰ্মচাৰীৰ লগত মিলি গঢ়ি তুলিছে চোৰাং চাউলৰ এই বৃহৎ বজাৰ খন। বিশাল নেটৱৰ্ক চক্ৰ জড়িত আছে চাউলৰ চোৰাং ব্যৱসায়ত আজিৰ পৰা কেইমাহ পূৰ্বেও এনেদৰে চোৰাং চাউল জব্দ কৰিচিল ধিং আৰক্ষীয়ে।