শৃংখল চলিহাৰ কুমন্তব্যৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসুচী, চলিহাৰ জুমুঠি দাহ কৰি ২৪ ঘন্টাৰ ভিতৰত গ্ৰেপ্তাৰৰ দাবী

c7cbf252 961a 4dcd aa7c 5c73cf730aac

 

 

লাচিত সেনাৰ সভাপতি শৃংখল চালিহাই যোৱা কেইদিন ধৰি বাঙালী সংগঠন আৰু বাঙালী জাতিৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সদৌ অসম বাঙালী যুব ছাত্ৰ ফেডাৰেচনে ৷

সংগঠনৰটোৰ গোসাইগাঁও জিলা সমিতি আৰু শ্ৰীৰামপুৰ আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত আজি শ্ৰীৰামপুৰত শৃংখল চালিহাৰ জুমুঠি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্থ কৰে ৷

প্ৰতিবাদকাৰী সকলে শৃংখল চালিহা মুৰ্দাবাদ,বাঙালী বিৰোধী হুচিয়াৰ,শৃংখল চালিহাক গ্ৰেপ্তাৰ কৰক আদি শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে ৷

উক্ত কাৰ্যসুচীত উপস্থিত গোসাইগাঁও জিলা সভাপতি উত্তম সাহাই শৃংখল চালিহাৰ আচৰনক কঠোৰ ভাষাৰে সমালোচনা কৰি তেৱক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী জনায় ৷

কাৰ্যসুচীত ফেডাৰেছনৰ ধুবুুুুৰী জিলা সমিতিৰ সভাপতি বাবলু সৰকাৰেও শৃংখল চালিহা আৰু অসম চৰকাৰৰ ভূমিকাৰ তীব্ৰ সমালোচনা কৰে ৷ ২৪ ঘন্টাৰ ভিতৰত উৎশৃখল চালিহাক গ্ৰেপ্তাৰ নকৰিলে সমগ্ৰ অসম জুৰি বাঙালী সংগঠনে তীব্ৰ গনতান্ত্ৰীক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে ৷

Exit mobile version