আগষ্টত দেশত কৰ্মহীন হ’ল ১৫ লাখ লোক

Cropped 1588913189RTS37I7Q

অতিমাৰীৰ প্ৰকোপত দেশত কৰ্মহীন লোকৰ সংখ্যা ক্ৰমে ঊৰ্ধ্বমুখী হ’বলৈ ধৰিছে । বিগত ডেৰ-দুবছৰত আশংকাজনক হাৰত দেশত ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায়ৰ স’তে জড়িত বহু লোক কৰ্মসংস্থানহীন হৈছে । এইসকলৰ নগণ্য সংখ্যকেহে পুনৰ সংস্থাপন লাভ কৰিবলৈ সফল হৈছে ।

যোৱা আগষ্টত দেশত পুনৰ কৰ্মহীন হ’ল ১৫ লাখ লোক । চেণ্টাৰ ফৰ মণিট’ৰিং ইণ্ডিয়ান ইক’নমিৰ পৰিসংখ্যা অনুসৰি, জুলাইত ভাৰতত চাকৰি কৰা লোকৰ সংখ্যা আছিল ৩৯৯.৩৮ নিযুত অৰ্থাৎ প্ৰায় ৩৯ কোটি ৯৩ লাখ জন । কিন্তু আগষ্টত দেশত চাকৰিয়াল লোকৰ সংখ্যা ৩৯৭.৭৮ নিযুত অৰ্থাৎ ৩৯ কোটি ৭৭ লাখ জনলৈ হ্ৰাস পায় ।

জুলাইত দেশত নিবনুৱাৰ হাৰ আছিল ৬.৯৫ শতাংশ আৰু আগষ্টত এই হাৰ ৮.৩২ শতাংশলৈ বৃদ্ধি পায় । দেশৰ চহৰ অঞ্চলত নিবনুৱাৰ হাৰ ১.৫ শতাংশ আৰু গ্ৰামাঞ্চলত ১.৩ শতাংশ বৃদ্ধি পালে ।

Exit mobile version