সামাজিক মাধ্যম ফেচবুকত দেশবিৰোধী প’ষ্ট

বাগসাৰ আনন্দ বজাৰত গ্ৰেপ্তাৰ পপুলাৰ ফ্ৰণ্টৰ সদস্য

বাগসাৰ শালবাৰীত ফেচবুকত দেশবিৰোধী আপত্তিজনক প’ষ্ট কৰি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হয় এজন যুৱক। গ্ৰেপ্তাৰ হোৱা যুৱকজন ৰফিকুল ইছলাম ওৰফে পাখী ৷

পাখী “পপুলাৰ ফ্ৰন্ট অৱ ইণ্ডিয়া” নামৰ সংগঠন এটাৰ সদস্য বুলি আৰক্ষী সূত্ৰই সদৰী কৰিছে ৷ ৰফিকুল ইছলাম ওৰফে পাখীৰ ঘৰ শালবাৰীৰ আনন্দ বজাৰ আৰক্ষী চকীৰ অন্তৰ্গত ভকুৱামাৰীত । কে’বাদিন ধৰি সামাজিক মাধ্যম ফেচবুকত বহু দেশবিৰোধী আপত্তিজনক প’ষ্ট দি মন্তব্য কৰি আহিছিল ধৃত ৰফিকুল ইছলামে । তাৰ পাছতেই যোৱা নিশা শালবাৰী মহকুমা আৰক্ষী বিষয়া সমীৰণ বৈশ্যৰ নেতৃত্বত আৰক্ষীয়ে নিজ গৃহৰ পৰাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৰফিকুল ইছলামক ৷

শালবাৰী আৰক্ষী থানাত ৬৯/২০২১ নম্বৰত গোচৰ ৰুজু কৰি ইউএছ/১২৪ (ক) /১৫৩ (ক) /১৫৩ (খ) / ২৯৮/ ৫০৫ আইপিচি আৰ/ডব্লিউ শাখা ৬৬-এফ আইটি এক্টৰ অধীনত শালবাৰী আৰক্ষীয়ে আটক কৰে ৰফিকুলক । শালবাৰী আৰক্ষী থানাত ৰফিকুল ইছলামক সোধ-পোচ কৰি আজি বাগসা জিলাৰ সদৰ মুছলপুৰলৈ প্ৰেৰণ কৰা হয় ৷

ইপিনে, শালবাৰী আৰক্ষীয়ে ৰফিকুল ইছলামক গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত বিশেষ কোনো মন্তব্য দিয়াৰ পৰা বিৰত থাকে ।

Exit mobile version