তিনিচুকীয়াত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বৃহৎ নদীবান্ধ বন্ধৰ দাবীত প্ৰতিবাদ

অসম জাতীয়তাবাদী যু্ৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানমৰ্মে সমগ্ৰ ৰাজ্যৰ লগতে তিনিচুকীয়া জিলা সমিতিয়েও তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত নামনি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্পৰ লগতে সমূহ বৃহৎ নদীবান্ধ বন্ধ কৰাৰ দাবীত এক ধৰ্ণা কায্যসূচী ৰূপায়ন কৰে ৷

উক্ত ধৰ্ণা কায্যসূচীৰ পৰাই সংগঠনটোৱে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰলৈ সকীয়নি প্ৰদান কৰি কয় যে অতি সোনকালে অসমৰ প্ৰতি ভাবুকি অনা বৃহৎ নদীবান্ধসমূহ বন্ধ কৰাৰ ব্যৱস্থা কৰক নহ’লে অনাগত দিনসমূহত ইয়াতকৈ তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ’ব ৷

Exit mobile version