ধনশিৰিৰ গৰাখহনীয়াত দিশহাৰা পশ্চিম-ধোদাঙৰ শতাধিক পৰিয়াল : মাটি-ভেটি উচন

একমাত্র যাতায়তী পথ-পশ্চিম ধোদাং প্ৰাথমিক বিদ্যালয়ললৈ তীব্ৰ ভাবুকি

WhatsApp Image 2021 09 06 at 2.40.57 PM

বোকাখাত বিধানসভা সমষ্টিৰ মধ্যমহুৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত নুমলীগড়ৰ ধোদাং গাঁৱৰ পশ্চিম ধোদাং এলেকাত ধনশিৰি নদীৰ ব্যাপক গৰাখহনীয়াই জুৰুলা কৰিছে কৃষক ৰাইজক । পশ্চিম ধোদাং এলেকাৰ দীৰ্ঘদিনীয়া এই গৰাখহনীয়াত সৰ্বস্ৰান্ত হোৱা শতাধিক কৃষক পৰিয়ালে ইতিমধ্যে মাটি-ভেটিৰ মোহ এৰি অৰঙে-দৰঙে কোনোমতে থিতাপি লৈ স্থানান্তৰিত হ’বলৈ বাধ্য হৈছে ।

শ শ বিঘা কৃষিভূমি নদীৰ বুকুত জাহ যোৱাৰ পাছত বৰ্তমানেও ধনশিৰি নদীৰ গৰাখহনীয়াত পশ্চিম ধোদাং এলেকাৰ অৱশিষ্ট চুবুৰী তথা দাঁতি-কাষৰীয়া গাঁও সমূহো সৰ্বস্ৰান্ত হোৱৰ পথত। বিশেষকৈ পশ্চিম ধোদাং, নগাবালি, পাৰগাঁও, বৰাইখোৱা, বালিগাঁও আদি গাঁৱৰ হেজাৰ হেজাৰ কৃষক এই দুৰ্যোগৰ আশংকাত ত্ৰস্তমান ।

বিশেষকৈ অঞ্চলটোৰ একমাত্র শিক্ষানুষ্ঠান পশ্চিম ধোদাং প্ৰাথমিক বিদ্যালয়খন খহনীয়াৰ কবলত পৰিবলৈ মাত্ৰ এশ মিটাৰ মানহে বাকী থকাৰ উপৰিও অঞ্চলটোৰ একমাত্র যাতায়তৰ পথলৈও এই খহনীয়াই প্ৰবল ভাবুকি কঢ়িয়াই আনিছে । এছিয়া মহাদেশৰ ভিতৰতে আটাইতকৈ অকোৱা-পকোৱা নদী বুলি খ্যাত এই ধনশিৰি নদীয়ে নাগালেণ্ডৰ লাইচাং পিকৰ পৰা আৰম্ভ হৈ ৩৫২ কিমি পথ অতিক্ৰম কৰি ব্ৰহ্মপুত্ৰ নদীত পৰিছেহি আৰু নুমলীগড় ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত থকা ধনশিৰি নদীৰ দলঙৰ পৰা নদীখনে ক্ৰমান্বয়ে ধোদাঙৰ দিশেৰে বৈ গৈ বৃহত্তৰ ধোদাং গাঁওখনৰ পশ্চিম ধোদাং এলেকাৰ বিস্তৃত কৃষি ভূমি খহাই সৰ্বস্ৰান্ত কৰে কৃষক ৰাইজক।

ইয়াৰ পূৰ্বেও পশ্চিম ধোদাঙৰ গৰাখহনীয়া ৰোধৰ বাবে দাঁতি-কাষৰত আৰম্ভ কৰা নদীবান্ধৰ লগতে সামৰি জলসম্পদ বিভাগে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল যদিও আজিকোপতি এলেকাটোত নদী বান্ধৰ ব্যবস্থা গ্ৰহণ নকৰাত খহনীয়াৰ ব্যাপকতাই অৱশিষ্ট আৱাসিক এলেকা তথা কৃষিভূমি, যাতায়তৰ পথ, শিক্ষানুষ্ঠানলৈ প্ৰবল ভাবুকি কঢ়িয়াই আনিছে। সেয়েহে বোকাখাত জল-সম্পদ বিভাগৰ তত্বাৱধানত বোকাখাত বিধানসভা সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰাৰ জৰিয়তে পশ্চিম ধোদাং এলেকাৰ এই দীৰ্ঘদিনীয়া সমস্যাৰ সমাধান হোৱাটো অঞ্চলটোৰ ৰাইজে কামনা কৰিছে।

Exit mobile version