গোলাঘাট জিলাৰ বগীজান আৰক্ষী থানাৰ অধীনস্থ মুৰফুলনি-লেটেকোবস্তিত যোৱা ২৪ আগষ্টত সংঘটিত অজিত তামুলী হত্যাকাণ্ডৰ মূল অভিযুক্ত নিজ ভাগিন মিনেশ্বৰ বৰা আৰু এগৰাকী মহিলাসহ মুঠ পাঁচজন লোকক বগীজান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।
ঘটনা সম্পৰ্কে অভিযুক্ত মিনেশ্বৰ বৰাই আৰক্ষীক দিয়া স্বীকাৰুক্তি অনুসৰি, মিনেশ্বৰ বৰাৰ ৰেখামনি তামুলী নামৰ এগৰাকী মহিলাৰ স’তে অবৈধ সম্পৰ্ক আছিল।
এই বিষয়ে মৃত অজিত তামূলীয়ে আগতীয়াকৈ জানিছিল আৰু ভাগিনীয়েকক গালি পাৰিছিল। ইয়াৰ প্ৰতিশোধ ল’বলৈ গৈ মহিলা গৰাকীৰ লগতে ক্ৰমে প্ৰাঞ্জল তামূলী(মুনুকণ), মনেশ্বৰ বড়ো(কান্দুৰ) আৰু জ্যোতি দাস(মাইনা)ৰ সহযোগত অজিত তামুলীক অতি নৃশংসতাৰে হত্যা কৰি টুকুৰা-টুকুৰকৈ কাটি দৈগ্ৰোঙ নৈ উটাই দিছিল।
কিন্তু, অজিত তামুলীৰ মৃতদেহৰ দৈগ্ৰোঙ নদীৰ ২৭ আগষ্টত উদ্ধাৰ হোৱাৰ পাছতে মদ্যপানৰ বাবে ভাগিন মিনেশ্বৰ বৰাৰ স’তে ঘৰৰ পৰা ওলাই যোৱা অজিতৰ পৰিয়ালে ভাগিনটোৰ ওপৰতে সন্দেহ কৰি বগীজান থানাত এটি গোচৰ তৰে।
ইয়াৰ পাছতে আৰক্ষীয়ে ৩৫/২১ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ১২০বি, ৩০২ আৰু ২০১ৰ এটি গোচৰ ৰুজু কৰে আৰু তদন্ত চলাই যোৱা ২৮ আগষ্টত ক্ৰমে প্ৰাঞ্জল তামূলী(মুনুকণ) মনেশ্বৰ বড়ো(কান্দুৰ) আৰু জ্যোতি দাস(মাইনা)ক গ্ৰেপ্তাৰ কৰে।
ইপিনে, পলাতক অৱস্থাত থকা হত্যাৰ মূল অভিযুক্ত মিনেশ্বৰ বৰাক বিচাৰি বগীজান আৰক্ষীয়ে দিনে-নিশাই বহু অভিযান চলোৱাৰ পাছত আজি গোলাঘাট-কাৰ্বিআংলং সীমান্তৰ অতি ভিতৰুৱা আলুখন্দা অঞ্চলৰ এক গভীৰ অৰণ্যৰ মাজত বাহৰ পতা মিনেশ্বৰ বৰা আৰু ৰেখামনি তামুলীক গ্ৰেপ্তাৰ কৰি আনিবলৈ সক্ষম হয়।
তদুপৰি, আৰক্ষীয়ে হত্যা কাণ্ডত ব্যৱহৃত দুখনকৈ চোকা অস্ত্ৰও উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। আজি বগীজান আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হেমন্ত চক্ৰৱৰ্তীয়ে উল্লেখ কৰে যে ধৃত মিনেশ্বৰ বৰা আৰু ৰেখামনিক কাইলৈ আদালতত হাজিৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰা হ’ব।
উল্লেখ্য যে এনে আমানৱীয় ঘটনা সংঘটিত কৰা প্ৰতিগৰাকী অপৰাধিকেই কঠোৰতকৈ কঠোৰতম শাস্তি প্ৰদানৰ ৰাইজে দাবী জনাইছে।