শৈক্ষিক ক্ষেত্ৰৰ উত্তৰণৰ পদক্ষেপ উপায়ুক্তৰ

প্ৰস্তুতিৰ আধাৰত বিদ্যালয়ত পাঠদান

কৰ’না কেন্দ্ৰিক পৰিৱেশে শিক্ষায়তনিক বাতাবৰণ একেবাৰে ৰুদ্ধ আৰু বিধ্বস্ত কৰি পেলোৱাৰ পাছত সম্প্ৰতি শিক্ষানুষ্ঠানত পাঠদান প্ৰক্ৰিয়া আৰম্ভ হোৱাত শিকাৰুৰ মনত নিসন্দেহে শআশাৰ সঞ্চাৰ হৈছে । দীৰ্ঘদিন শ্ৰেণীকোঠাত পাঠদান ব্যাহত হোৱাৰ পাছত শিক্ষাৰ্থীসকলে কিদৰে নিজক শ্ৰেণীকোঠাত অভিৰোচিত কৰিব আৰু প্ৰয়োজনীয় অৰ্হতা আয়ত্ব কৰি নিজকে ভৱিষ্যতৰ দিনত নিৰ্মাণ কৰিব সেই অভিলাষী লক্ষ্য সন্মুখত ৰাখি বজালীৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে শিক্ষানুষ্ঠানত শিক্ষাৰ্থীৰ স’তে শ্ৰেণীকোঠাত মত বিনিময় কৰাৰ প্ৰস্তুতি শীৰ্ষক এক যাত্ৰা আজিৰে পৰা আৰম্ভ কৰিছে ।

উপায়ুক্তগৰাকীয়ে অনুভৱ কৰে প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে শিক্ষকৰ পৰা যিমান শিকে অনুৰূপ ধৰণে শিক্ষকেও শিক্ষাৰ্থীৰ পৰা কম নিশিকে । সকলো মানুহেই অনানুষ্ঠানিকভাৱে ছাত্ৰ আৰু প্ৰত্যকৰে জীৱনভৰ শিকিবলগীয়া থাকে । উপায়ুক্ত দেৱ চৌধুৰীয়ে আজি প্ৰস্তুতিৰ আধাৰত বজালী উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থীৰ স’তে শ্ৰেণীকোঠাত মত বিনিময় কৰে ।

চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থীসকলৰ অধ্যয়ণ প্ৰণালী আৰু শ্ৰেণীৰ পৰীক্ষাৰ অধ্যয়ণ পদ্ধতি একেবাৰে পৃথক বুলি উল্লেখ কৰি উপায়ুক্তগৰাকীয়ে কয় যে চূড়ান্ত বৰ্ষত শিক্ষাৰ্থীসকলে কেনেদৰে পঢ়িব, কিদৰে আগবাঢ়িব আৰু বিজ্ঞানসন্মত ৰূপত কেনদৰে নিজকে ভৱিষ্যতৰ দিনত গঢ়ি তুলিব তাৰে ওপৰতেই শ্ৰেণীকোঠাত তেওঁ শিক্ষাৰ্থীক শিকাব, বুজাব আৰু অধ্যয়ণ স্পৃহা বৃদ্ধিৰ বাবে অভিৰোচিত কৰিব ।

ছাত্ৰ-ছাত্ৰীৰ যথেষ্ট শিকাৰ আগ্ৰহ আছে, তেওঁলোক কৌতুহল আৰু অনুসন্ধিৎষু । তেওঁলোকে জানিব বিচৰা বিষয়টোৰ সন্দৰ্ভত তেওঁলোকক জনাব নোৱাৰাতো তেওঁলোকৰ বিফলতা নহয় । সেয়া শিক্ষক আৰু আমাৰ সমাজৰ সচেতন ব্যক্তিৰহে বিফলতা । শিক্ষাৰ্থীসকলৰ ভৱিষ্যত যদি পৰিকল্পিত আৰু বিজ্ঞানসন্মতভাৱে আমি নিৰ্মাণ কৰাত সহযোগিতা আগবঢ়াব পাৰো তেনেহ’লে ইয়াতকৈ সুখকৰ কথা আন একোৱেই হ’ব নোৱাৰে বুলিও উপায়ুক্তগৰাকীয়ে অনুভৱ ব্যক্ত কৰে ।

সকলোৱে সকলো কথা জানিব; এনে কথা নহয়, কিন্তু অধ্যয়ণ কৰি হ’লেও নিজে নজনাতো শিক্ষাৰ্থীক শিকাব লাগিব বুলি সদৰী কৰি আজি বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীৰ স’তে শ্ৰেণীকোঠাত মত বিনিময় কৰি তেওঁৰ ব্যক্তিগত ফোন নম্বৰ আৰু মেইল আই ডি দিয়ে আৰু কয় যে কোনো শিক্ষাৰ্থীয়ে যদি কিবা বিষয়ত কঠিনতাৰ সন্মুখীন হয় তেনেহ’লে তেওঁ নিজে নাজানিলেও আনৰ ওচৰত শিকি, অধ্যয়ণ কৰি শিক্ষাৰ্থীৰ কঠিনতা দূৰ কৰাই দিব ।

মত বিনিময় কৰাৰ সময়ত উপায়ুক্তক সংগ দিয়ে বিদ্যালয়ৰ অধ্যক্ষ সঞ্জীৱ তালুকদাৰে । উপায়ুক্তই প্ৰস্তুতিৰ আধাৰত কৰা এই শৈক্ষিক জ্যোতিষ্মান যাত্ৰা জিলাখনৰ সকলো শিক্ষানুষ্ঠানৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰৰ স’তে অব্যাহত থাকিব বুলি কোৱা হৈছে ।

Exit mobile version