ছেপ্টেম্বৰৰ প্ৰথম ছদিনত ২৮ শতাংশ সংক্ৰমণ বৃদ্ধি ! মুম্বাইত কৰ’নাৰ তৃতীয় ঢৌৰ সম্ভাৱনা

67d9223e 0e71 11ec 9f5a 6ec3df6f49ec 1630864176801

দেশত এতিয়াও কৰ’নাৰ দ্বিতীয় ঢৌৰ অন্ত পৰা নাই বুলি ধাৰণা কৰে স্বাস্থ্য বিশেষজ্ঞসকলৰ একাংশৰ পৰা আৰম্ভ কৰি স্বাস্থ্য মন্ত্রণালয়ৰ বিষয়াসকলেও । তেনে সময়তে ক’ভিডৰ তৃতীয় ঢৌৰ আৰম্ভণি । আজি মুম্বইৰ মেয়ৰ কিশোৰী পডনেকৰে দাবী কৰিছে, মুম্বইয়ত কৰ’নাৰ তৃতীয় ঢৌ আৰম্ভ হৈছে ।

হঠাৎ মুম্বইয়ত কৰ’না সংক্রমণ বাঢ়িছে । আগষ্টত মুম্বইত যিমান কৰ’না আক্রান্ত হৈছিল, ছেপ্টেম্বৰৰ প্রথম ছদিনত তাৰ ২৮ শতাংশ সংক্রমিত হৈছে । আসন্ন গণেশ চতুর্থী উপলক্ষে ৰাস্তৰ ভিৰ নকৰিবলৈ জনসাধাৰণক আবেদন কৰিছে মেয়ৰ পডনেকাৰে । তেওঁৰ সতর্কবার্তা, ভিৰ বাঢ়িলে সংক্রমণো বাঢ়িব । তেওঁৰ মতে, ‘‘কৰ’নাৰ দ্বিতীয় ঢৌৰ পৰা ম‌ই বহু কথা শিকিছো । এই গণেশ উৎসৱত ম‌ই ক’তো নাযাও । কাৰণ, তৃতীয় ঢৌ আহিছে — এই কথা কোৱাৰ সময় এতিয়া পাৰ হৈছে । চহৰত তৃতীয় ঢৌ আহি গৈছে ।’’ নগৰবাসীক উদ্দেশ্যি তেওঁৰ পৰামর্শ, ৰাজ্য চৰকাৰে যি যি কৰণীয় সেয়া কৰিব । কিন্তু সাধাৰণ মানুহে নিজৰ সুৰক্ষাৰ বিষয়ত লক্ষ্য ৰাখিব লাগিব ।

সমগ্ৰ দেশত অৱশ্যে দৈনিক সংক্রমণ কালিৰ তুলনাত হ্ৰাস পাইছে । দৈনিক মৃত্যুৰ সংখ্যাও তিনিশৰ তলত । দৈনিক সংক্রমণত এতিয়াও শীর্ষত আছে কেৰালা । কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ পৰিসংখ্যা অনুযায়ী, যোৱা ২৪ ঘণ্টত দক্ষিণৰ ৰাজ্যখনত ১৯,৫০০ৰো অধিক লোক নতুনকৈ সংক্রমিত হৈছে । ক’ভিডৰ বিৰুদ্ধে যুঁজত বিধ্বস্ত দক্ষিণৰ এই ৰাজ্যৰ উদ্বেগ বাঢ়াইছে নিপা ভাইৰাছৰ আক্ৰমণে ।

যোৱা দেওবাৰে নিপা ভাইৰাছত কোঝিকোড়ত এজন কিশোৰ মৃত্যু হৈছে । সেই কিশোজনৰ সংস্পর্শত অহা ব্যক্তিসকলৰ অনুসন্ধান আৰু চিহ্নিত কৰিবলৈ তৎপৰ হৈছে প্রশাসন । আজি সাংবাদিক বৈঠক কৰি কেৰালাৰ স্বাস্থ্যমন্ত্রী বিনা জর্জে কয়, ‘‘২৪টকা নমুনা পুনেৰ নেচনাল ইনস্টিটিউট অৱ ভাইৰ’লজিত প্ৰেৰণ কৰা হৈছে । আঠজনৰ প্রত্যেকৰ তিনটাকৈ নমুনা পঠোৱা হয় । অৱশ্যে নেগেটিভ ৰিপ’র্ট আহিছে । মৃত কিশোৰৰ পিতৃ-মাতৃ আৰু উপসর্গ থকা স্বাস্থ্যকর্মীসকলৰ ৰিপ’র্টো নেগেটিভ আহিছে । এয়া স্বস্তিকৰ ।’’

কেৰালাৰ স্বাস্থ্য দফতৰৰ তৰফৰ পৰা জনোৱা হৈছে, নিপা ভাইৰাছত মৃত কিশোৰৰ সংস্পর্শত অহা ২৫০ জনক চিহ্নিত কৰা হৈছে । যিসকলৰ অৱস্থা উদ্বেগজনক তেওঁলোকক কোঝিকোড় মেডিকেল কলেজত নতুনকৈ আৰম্ভ হোৱা নিপা ৱার্ডত স্থানান্তৰিত কৰা হৈছে ।

Exit mobile version