দুবছৰেও শুংসূত্র নাই অপহৃত প্ৰদীপ শীলৰ, ব্যৰ্থ আৰক্ষী-প্ৰশাসন

কণমানি পুত্রক লৈ অসহায় পত্নীৰ আৰ্তনাদ, চৰকাৰে আগবঢ়োৱা নাই কোনো সাহায্য

bf364e79 ee58 4279 9246 0fb6731e539c

প্ৰায় দুবছৰ অতিক্ৰান্ত হোৱাৰ পাছতো কোকৰাঝাৰ জিলাৰ ছেৰফাংগুৰীৰ পৰা অপহৃত ক্ষুদ্ৰ ব্যৱসায়ী প্ৰদীপ শীলৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই আৰক্ষী প্ৰশাসন । ছেৰফাংগুৰী থানাত পঞ্জীয়নভুক্ত অপহৰণৰ গোচৰটোৰ তদন্তৰ ক্ষেত্ৰত আৰক্ষীৰ চৰম ব্যৰ্থতা উদঙাই দিছে ।

আৰক্ষীয়ে প্ৰদীপ শীলৰ বিষয়ে আজি পৰ্যন্ত কোনো তথ্য উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই । অপহৃত ব্যক্তিজন দৰিদ্ৰ আৰু বাঙালী জনগোষ্ঠীৰ বুলি প্ৰশাসনৰ এনে উদাসীনতা নেকি বুলি আজি প্ৰশ্ন কৰে সদৌ অসম বাঙালী-যুৱ ছাত্ৰ ফেডাৰছনৰ গোসাঁইগাঁও জিলা সমিতিৰ সভাপতি উত্তম সাহাই ।

উল্লেখ্য যে ধুবুৰী জিলাৰ তামাৰহাটৰ বাসিন্দা তথা মটৰচাইকেল মেৰামতি কৰি পৰিয়ালটোক পোহপাল দিয়া প্ৰদীপ শীলে কোকৰাঝাৰ জিলাৰ ছেৰফাংগুৰীত এখন দোকান খুলি তাতে নিজৰ ক্ষুদক্ষুদ্ৰ ব্যৱসায়টো কৰি আছিল । ২০১৯ৰ ২৭ ছেপ্টেম্বৰত তেওঁক দোকানৰ পৰা মটৰচাইকেল মেৰামতিৰ বাবে মাতি নি অচিনাক্ত অস্ত্ৰধাৰীৰ দল এটাই অপহৰণ কৰে । পাছত তেওঁৰ মুক্তিৰ বিনিময়ত পৰিয়ালটোক ফোনযোগে বৃহৎ অংকৰ টকা বিচাৰে ৷ দুৰ্ভগীয়া পৰিয়ালটোৱে নিজৰ মাটি সম্পত্তি বিক্ৰী কৰি অপহৃতৰ দলটোক পাঁচ লাখ টকা আদায় দিয়াৰ পাছতো অপহৃতই প্ৰদীপ শীলক মুক্ত কৰি দিয়া নাই ।

এনে পৰিস্থিতিত প্ৰদীপ শীলৰ পত্নীয়ে এটি কণমাণি শিশু পুত্ৰ আৰু শহুৰ শাহুৰেকক লৈ অনাহাৰে লঘোণে জীৱন কটোৱাৰ লগতে চৰম অনিশ্চয়তাৰ মাজত জীৱন কটাইছে । পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰীক উগ্ৰপন্থীয়ে অপহৰণ কৰি মুক্তি নিদিয়াত এতিয়া অনাহাৰে জীৱন অতিবাহিত কৰি ধৈৰ্যহাৰা হৈ পৰিছে দুৰ্ভগীয়া পৰিয়ালটো ।সুদীৰ্ঘ প্ৰায় দুটা বছৰে কোলাত শিশু পুত্ৰক লৈ মন্ত্ৰী-নেতা তথা প্ৰশাসনৰ দুৱাৰে দুৱাৰে ঘূৰিও কোনো সুফল পাবলৈ সক্ষম নহ’ল অপহৃতৰ পত্নী প্ৰীতি শীল আৰু প্ৰদীপ শীলৰ বৃদ্ধ পিতৃ মাতৃয়ে ৷

প্ৰদীপ শীল অপহৃত হোৱাৰ পাছত ৰাজ্য চৰকাৰৰ তৎকালীন কেবিনেট মন্ত্ৰী প্ৰমীলা ৰানী ব্ৰহ্ম, বিধায়ক বিভিন্ন দল সংগঠনৰ নেতা পালিনেতাই আহি পৰিয়ালটোক শান্তনা দিছিল যদিও শান্তনা দিয়ে তেওঁলোকে দায়িত্ব সামৰিছে । চৰকাৰে অপহৃতক উদ্ধাৰ কৰাৰ বাবে জৰুৰী পদক্ষেপ লোৱা নাই দৰিদ্ৰ পৰিয়ালটোৰ প্ৰতি কোনো সাহায্যও আগবঢ়োৱা নাই ৷ পুত্ৰৰ মুক্তিৰ বাবে নিজৰ ভেটি মাটি বন্ধকত ৰাখি উগ্ৰপন্থী সংগঠনক মুক্তিপন দিয়া স্বত্বেও পৰিয়ালাৰ একমাত্ৰ উপাৰ্জনকাৰীক অপহৰণকাৰী সকলে মুকলি কৰি নিদিয়াত আজি অনাহাৰে দিন কটাবলগীয়া হৈছে দৰিদ্ৰ পৰিয়ালটোৱে ৷

বিগত সময়ত বাঙালী দল সংগঠনে উক্ত ঘটনাকলৈ বহু আবেদন নিবেদন কৰাৰ উপৰি মন্ত্ৰী নেতাৰ শৰণাপন্ন হৈছিল কিন্তু একো লাভ হোৱা নাই। ৰাজ্য আৰু বিটিচিত নতুন চৰকাৰ অধিষ্ঠিত হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে আজি উক্ত অপহৰণৰ বিষয়টো লৈ অপহৃতৰ পৰিয়াল আৰু সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ গোসাঁইগাঁও জিলা সমিতি পুনৰ সৰৱ হৈ এক সংবাদ মেল পাতি উপৰোক্ত বিষয়সমূহ সদৰী কৰে ।

গোসাঁইগাঁও প্ৰেছ ক্লাৱত আয়োজন কৰা এক সংবাদ মেলত প্ৰদীপ শীলৰ মাতৃ আৰু পত্নীয়ে প্ৰদীপ শীলৰ শুংসূত্ৰ উলিৱাবলৈ আৰু তেওঁলোকক জীয়াই থকাৰ হেতু চৰকাৰী সাহয্যৰ প্ৰদানৰ বাবে চৰকাৰৰ ওচৰত অনুৰোধ জনায় । প্ৰদীপ শীলৰ বৃদ্ধা মাতৃয়ে অশ্ৰুশিক্ত নয়নেৰে অপহৃত পুত্ৰক জীৱিত বা মৃত যি অৱস্হাতে নহওক কিয় তেওঁৰ কোলাত ঘূৰাই দিবলৈ আৰক্ষী প্ৰশাসন নেতা মন্ত্ৰীলৈ অনুৰোধ জনায় ৷

ইপিনে সংবাদ মেলত উপস্থিত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ গোসাঁইগাঁও জিলা সভাপতি উত্তম সাহাই কয় যে বিগত বিটিচি তথা বিধানসভা নিৰ্বাচনৰ পূৰ্বে সকলো নেতা-মন্ত্ৰীয়ে পৰিয়ালটোক সহায়ৰ প্ৰতিশ্ৰুতি দিছিল যদিও আজিলৈকে দুৰ্ভগীয়া পৰিয়ালটোৱে চৰকাৰৰ ফালৰ পৰা কোনো সঁহাৰি নাপালে । বিশেষকৈ বিটিচি প্ৰশাসন আৰু ৰাজ্য চৰকাৰত শীৰ্ষ আসন অলংকৃত কৰি থকা বাঙালী নেতা মন্ত্ৰীসকলৰ ভূমিকা অতি লাজ্জাজনক । নিৰীহ দৰিদ্ৰ পৰিয়ালটোৰ দুৰ্দশগ্ৰস্ততাৰ খবৰ ল’বলৈ বিজেপি উইপিপিএলত থকা বাঙালী নেতাসকলৰ কোনো আহৰি নথকাটো জাতিটোৰ বাবে লজ্জাজনক বুলি আক্ষেপেৰে কয় উত্তম সাহাই ।

দৰিদ্ৰ আৰু নিৰীহ বাঙালী হোৱা বাবেই পৰিয়ালটো আজি পৰ্যন্ত ন্যায় নাপালে বুলি উত্তম সাহাই পুনৰ দোহাৰী আৰু কয় চৰকাৰে বিষয়টোৰ প্ৰতি গুৰুত্ব নিদিলে এই চৰকাৰখন প্ৰকৃতই যে বাঙালী বিৰোধী সেয়া আকৌ প্ৰতিপন্ন হ’ব ৷ প্ৰদীপ শীলৰ পত্নীক এটি চৰকাৰী চাকৰি দিয়াৰ লগতে এককালীন আৰ্থিক সাহায্য প্ৰদান কৰি দুৰ্ভগীয়া পৰিয়ালটোৰ দুখ দুৰ্দশা কিছু পৰিমাণে হ’লেও দূৰ কৰাৰ দাবী জনাইছে উত্তম সাহাই ।

মহকুমাটোৰ সাংবাদিকসকলেও এই অপহৰণ কাণ্ডৰ তদন্তৰ কি হ’ল সেয়া প্ৰকাশ কৰাৰ বাবে দাবী জনাইছে জিলা আৰক্ষী অধীক্ষকক ।

Exit mobile version