পুনৰ গৃহবন্দী কৰাৰ দাবী মেহবুবা মুফতিৰ

ea216c94 0db6 11ec bef6 cf3476bb3c4f 1630784184060 1630994897155

পুনৰ তেওঁক গৃহবন্দী কৰা হৈছে বুলি দাবী জম্মু-কাশ্মীৰৰ প্রাক্তন মুখ্যমন্ত্রী মেহবুবা মুফতিৰ । তেওঁৰ দাবী, ইয়াৰ পৰাই বুজিব পাৰি যে কাশ্মীৰৰ পৰিস্থিতিক লৈ ভাৰত চৰকাৰৰ দাবী ভিত্তিহীন ।

প্ৰাক্তন মুখ্যমন্ত্ৰী মুফতিয়ে আজি জনায়, তেওঁ দক্ষিণ কাশ্মীৰৰ কুলগামত যাব বিছাৰিছিল । সেয়ে তেওঁক গৃহবন্দী কৰা হৈছে । জম্মু-কাশ্মীৰ প্রশাসনৰ তৰফৰ পৰা জনোৱা হৈছে, উপত্যকাৰ পৰিস্থিতি স্বাভাৱিক নহয় । সেয়ে তেওঁলোকে এই পদক্ষেপ গ্ৰহণ কৰিছে ।

টুইটাৰত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য, ‘‘আফগানসকলৰ অধিকাৰক লৈ ভাৰত চৰকাৰে উদ্বেগ প্রকাশ কৰিছে । কিন্তু কাশ্মীৰীসকলৰ অধিকাৰ কাঢ়িছে । কাশ্মীৰৰ পৰিস্থিতি স্বাভাৱিক নহয়, এই যুক্তিতে আজি মোক গৃহবন্দী কৰা হৈছে । ইপিনে ভাৰত চৰকাৰে দাবী কৰিছে উপত্যকাৰ পৰিস্থিতি স্বাভাৱিক । ইয়াৰ পৰাই বুজিব পাৰি যে সেই দাবী ভিত্তিহীন ।’’

কাশ্মীৰৰ বিশেষ মর্যাদা থকাৰ সময়ত অন্য নেতা-নেত্রীসকলৰ স’তে মুফতিও গৃহবন্দী হৈ আছিল । ইয়াৰ পাছতো কে’বাবাৰো তেওঁক গৃহবন্দী কৰা হৈছে বুলি দাবী কৰিছে পিডিপি নেত্রীগৰাকীয়ে । সম্প্রতি হুৰিয়ত নেতা ছৈয়দ আলি শ্বাহ গিলানিৰ মৃত্যুৰ পাছত উপত্যকাত পুনৰ নিষেধাজ্ঞা জাৰি কৰা হৈছিল । অৱশ্যে এতিয়া শিথিল কৰা হৈছে ।

সমালোচনাৰ সন্মুখীন হোৱা গিলানিৰ আজি অন্ত্যেষ্টিক্ৰিয়াৰ ভিডিঅ’ প্রকাশ কৰিছে আৰক্ষীয়ে । গিলানিৰ পৰিয়ালৰ দাবী, আৰক্ষীয়ে দুৱাৰ ভাঙি গিলানিৰ দেহ পৰিয়ালৰ পৰা কাঢ়ি লৈ যায় । নিজৰ মন্তব্যৰ সমর্থনত কেইটামান ভিডিঅ’ও প্রকাশ কৰে তেওঁলোকে । ইয়াৰ পাছত আৰক্ষীৰ কাৰ্যৰ সমালোচনা কৰে মেহবুবা মুফতি, হুৰিয়ত নেতা মিৰৱাইজ ওমৰ ফাৰুকসহ বহু লোকে । প্রথা অনুসৰি গিলানিৰ অন্ত্যেষ্টিক্ৰিয়া কৰা নহয় বুলিও অভিযোগ উত্থাপিত হয় । সমালোচনাৰ প্ৰত্যুত্তৰ দিবলৈ আজি আৰক্ষীৰ তৰফৰ পৰা এটা ভিডিঅ’ প্রকাশ কৰা হৈছে । ভিডিঅ’ত দেখা যায়, প্রথা অনুসৰিয়ে গিলানিক সমাহিত কৰা হৈছে ।

আৰক্ষীৰ তৰফৰ পৰা টুইটাৰত জনোৱা হৈছে, গিলানিৰ মৃত্যুৰ পাছতেই জম্মু-কাশ্মীৰ আৰক্ষীৰ আইজি বিজয় কুমাৰসহ আৰক্ষী কৰ্মীসকল শ্রীনগৰৰ হায়দৰপুৰাত তেওঁৰ বাসগৃহত যায় । তাত গিলানিৰ দুই পুত্ৰৰ স’তে তেওঁলোকে কথা পাতে । আইন-শৃংখলা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সেই দিনা নিশাই গিলানিৰ দেহ সমাহিত কৰাৰ কথা কয় আৰক্ষী কৰ্মীসকলে । এই কথাত তেওঁৰ দুই পুত্ৰ সন্মত নহয় ।

আৰক্ষীৰ দাবী, ইয়াৰ কিছু ঘণ্টাৰ পাছতেই সম্ভৱতঃ পাকিস্তানৰ চাপত গিলানিৰ দুই পুত্ৰ‌ই মত পৰিৱৰ্তন কৰে । দেহ পাকিস্তানি পতাকাৰে ঢাকি শ্লোগান দিয়া আৰম্ভ কৰে । প্রতিবেশীসকলক পথত ওলাবলৈও উচতনি দিয়ে । ইয়াৰ পাছতেই আৰক্ষীয়ে গিলানিৰ অন্য আত্মীয়সকলৰ সাহায়ত দেহ সমাধিক্ষেত্রত লৈ যায় । আৰক্ষীৰ দাবী, গিলানিৰ অন্ত্যেষ্টিক্ৰিয়াত দুই পুত্ৰ নথকাৰ সিদ্ধান্ত প্রমাণ কৰি তেওঁলোকৰ পিতৃৰ প্রতি থকা শ্রদ্ধাতকৈ পাকিস্তানৰ হৈ কাম কৰা অধিক গুৰুত্বপূর্ণ ।

Exit mobile version