ধুবুৰীত উপস্থিত অসম চৰকাৰৰ বন আৰু পৰিবেশ, আবকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য

WhatsApp Image 2021 09 10 at 7.16.10 PM

আজি ধুবুৰীত উপস্থিত হয় অসম চৰকাৰৰ বন আৰু পৰিৱেশ, আবকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য।ধুবুৰীত উপস্থিত হৈয়ে মন্ত্ৰীগৰাকীয়ে বিজেপিৰ প্ৰাক্তন বিধায়ক ধ্ৰুৱ কুমাৰ সেনৰ স্বাস্থ্যৰ বুজ লয় ।

মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে প্ৰাক্তন বিধায়ক গৰাকীৰ স্বাস্থ্যৰ চিকিৎসাৰ বাবে দুই লাখ টকাৰ চেক প্ৰদান কৰে মন্ত্ৰী গৰাকীয়ে। ইয়াৰ পাছতেই জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত বিভিন্ন বিভাগৰ কাম কাজৰ খতিয়ান লবলৈ ৰিভিউ মিটিঙত অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে৷

সংবাদ মাধ্যমৰ আগত প্ৰাক্তন বিজেপি বিধায়ক ধ্ৰুৱ কুমাৰ সেনৰ স্বাস্থ্যৰ উন্নতি কামনা কৰি লগতে নিজৰ বিভাগৰ উন্নয়নৰ ক্ষেত্ৰত অসম চৰকাৰে যথেষ্ট গুৰুত্ব আৰোপ কৰিছে বুলি দাবী কৰে মন্ত্ৰীগৰাকীয়ে ।

আনহাতে নামনি অসমত চলি থকা বন ছিণ্ডিকেটৰ বিষয়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰি চৰকাৰে ছিণ্ডিকেট ৰোধ কৰিবলৈ চেষ্টা কৰি আছে যদিওঁ সম্পূৰ্ণ ভাবে ৰোধ কৰিব পৰা নাই বুলি স্বীকাৰ কৰে সাংবাদিকৰ আগত।

আনহাতে বনাঞ্চলৰ বেদখল উচ্ছেদ কাৰ্য ক’ভিডৰ বাবে কিছু লেহেমীয়া হৈছে যদিও উচ্ছেদ চলিব বুলি দাবী কৰে মন্ত্ৰী গৰাকীয়ে।

Exit mobile version