প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীৰ জন্মদিনত মুখৰ ছবি সম্বলিত ৰেচনৰ থলি বিতৰণ- পাঁচ কোটি প’ষ্টকার্ড প্ৰেৰণৰ পৰিকল্পনা বিজেপিৰ

45607810 101

অভিলেখ সংখ্যক টিকাকৰণৰ লক্ষ্য

স্বচ্ছতা অভিযান, প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীৰ মুখৰ ছবি সম্বলিত ৰেচনৰ থলি বিতৰণ, পাঁচ কোটি প’ষ্টকার্ড প্ৰেৰণ কৰা — এনে হেজাৰ পৰিকল্পনা তো আছেই, প্রধানমন্ত্রীৰ ৭১ বছৰ বয়সত ভৰি দিয়াত লগতে কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ প্রধান প্রশাসক হিচাপে দুদশক পূর্ণ কৰাক স্মৰণীয় কৰি ৰাখিবলৈ এইবাৰ লক্ষ্য প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিনত অভিলেখ সংখ্যক টিকাকৰণো !

শুকুৰবাৰে বিজেপিৰ সর্বভাৰতীয় সভাপতি জে পি নড্ডাই কয়, প্রধানমন্ত্রীৰ জন্মদিনত (১৭ ছেপ্টেম্বৰ) দলৰ লক্ষ্যই হ’ল, অধিক সংখ্যক মানুহক ক’ভিডৰ প্ৰতিষেধক প্ৰদান কৰা । সেই দিনটোত অভিলেখ সংখ্যক টিকাকৰণ কৰিবলৈ লক্ষ্য কৰিছে দলে । দলীয় সূত্রৰ দাবী, সম্প্ৰতি দেশজুৰি মসৃণ গতিত টিকাকৰণ অব্যাহত আছে । টিকাকৰণৰ গতিও বৃদ্ধি পাইছে । ফলত দেশত সংক্রমণ পূৰ্বতকৈ বহু পৰিমাণে হ্ৰাস পাইছে । এই কৃতিত্ব কেৱল প্রধানমন্ত্রীৰ, সেই বার্তা দিবলৈ তেওঁৰ জন্মদিনক অভিলেখ টিকাকৰণৰ বাবে বাছি লৈছে দলে ।

যোৱা দুসপ্তাহে যে প্রতিষেধকৰ যোগান পূৰ্বৰ তুলনাত বাঢ়িছে, সেয়া টিকাকৰণৰ দৈনিক পৰিসংখ্যাতেই স্পষ্ট । কিন্তু বিৰোধী দলৰ একাংশৰ প্রশ্ন, ভাৰতৰ দৰে বিপুল জনসংখ্যাৰ দেশত য’ত এদিন আগতে কাৰোবাক টিকা দিব পাৰিলেও সংক্রমণ নিয়ন্তণত সুবিধা হয়, তাত অভিলেখ গঢ়িবলৈ এটা নির্দিষ্ট দিনৰ বাবে কিয় বহি থকিব লাগে ? যদি আগন্তুক সময়ৰ বাবে এনেধৰণৰ পৰিকল্পনা কৰিব পাৰে, তাৰ অৰ্থ টিকা মজুত আছে । তেন্তে আগতেই টিকা প্ৰদান নকৰি প্রধানমন্ত্রীৰ জন্মদিনত দিয়াৰ যুক্তি কি ?

এজন বিৰোধী নেতাৰ প্রশ্ন, ‘‘সেই নির্দিষ্ট দিনটোৰ বাবে আগৰ পৰাই প্রতিষেধক মজুত কৰা হৈছে নেকি ? ইয়ৰ পূৰ্বে যেনেদৰে আন্তর্জাতিক যোগ দিৱসত (২১ জুন) অভিলেখ গঢ়াৰ লক্ষ্যত তাৰ কিছুদিন আগতে কৰা হৈছিল !’’

আন্তর্জাতিক যোগ দিৱসৰ পৰাই দেশত ১৮ বছৰ তথা ঊৰ্ধ্বৰসকলক বিনামূল্যে প্রতিষেধক দিয়াৰ কথা ঘোষণা কৰিছিল কেন্দ্র‌ই ।  ৮৫ লাখ টিকা দিয়া হৈছিল । সেই সময়ত অভিযোগ উত্থাপিত হৈছিল, এই অভিলেখ গঢ়িবলৈ ইয়াৰ কিছুদিন আগৰ পৰা টিকা কিছুপৰিমাণে কমকৈ দিয়া হৈছিল । অভিলেখ গঢ়াৰ পাছত পুনৰ টিকাকৰণৰ গতি হ্ৰাস পাইছিল । প্রশ্ন, এইবাৰো তেনেকুৱা নহয়তো ?

বিৰোধীসকলৰ দাবী, আৰম্ভণিৰ পৰা কেন্দ্রেৰ ভুল নীতিৰ বাবে টিকাকৰণৰ গতি হ্ৰাস ‌পাইছে । কৰ’না যোদ্ধা আৰু ৪৫-ঊর্ধ্বৰসকলক বিনামূলীয়া টিকা দিয়াৰ কথা আৰম্ভণিতে কোৱা হয় যদিও, বাকীসকলৰ বাবে এই নীতি ঘোষণাত খেলিমেলি কৰিছে কেন্দ্র‌ই । এই পৰ্যন্ত মুঠ জনসংখ্যাৰ অনুপাতে দুটা ড’জ টিকা পোৱা লোক যথেষ্ট কম । তাৰ পাছতো ‘অভিলেখ’ গঢ়িবলৈ জন্মদিনৰ বাবে অপেক্ষা কৰাক লৈ প্রশ্ন তুলিছে বিৰোধীসকলৰ অধিকাংশই । তেওঁলোকৰ প্রশ্ন, ‘‘আজি প্ৰধানমন্ত্ৰীয়ে ক’ভিডৰ তৃতীয় ঢৌৰ বিৰুদ্ধে যুঁজ দিয়াৰ প্রস্তুতিক লৈ জৰুৰী বৈঠকত বহাৰ সময়তে, অভিলেখৰ বাবে অপেক্ষা কিয় ?’’

এদিন-দুদিন নহয়, একেলেথাৰি তিনি সপ্তাহ ধৰি মোদীৰ ৭১তম জন্মদিন আৰু প্রশাসক হিচাপে কুৰি বছৰ (প্রধানমন্ত্রী আৰু ইয়াৰ পূৰ্বে গুজৰাতৰ মুখ্যমন্ত্রী) পূর্ণতাক একেলগে পালন কৰাৰ সিদ্ধান্ত লৈছে বিজেপিয়ে । সেই উপলক্ষে বিভিন্ন নদীৰ ৭১টা স্থান পৰিস্কাৰ কৰাৰ পৰিকল্পনা কৰা হৈছে । প্রধানমন্ত্রীৰ জীৱন কাহিনী দাঙি ধৰিবলৈ দেশজুৰি প্রদর্শনীৰ ব্যৱস্থা কৰা হ’ব । পাঁচ কোটি প’ষ্টকার্ড বিতৰণ কৰা হ’ব । তাত মোদী চৰকাৰৰ সাফল্যৰ খতিয়ান দাঙি ধৰা হ’ব । কৰ’না-কালত ‘দুখীয়াৰ মচিহা’ প্ৰধানমন্ত্ৰী মোদীয়ে যে দৰিদ্রসকলৰ গৃহত খাদ্যৰ যোগান ধৰিছে, সেয়া স্মৰণ কৰি দিবলৈ ৰেচন দোকানসমূহৰ ১৪ কোটিটা বেগত তেওঁৰ ছবি লগোৱা হ’ব ।

বিৰোধীসকলৰ কটাক্ষ, অর্থনীতি সমস্যাত জর্জৰিত দেশ । লাদাখত ভূমি হেৰুৱাবলগীয়া হৈছে । কৰ’নাৰ তৃতীয় ঢৌ আৰম্ভ হৈছে । চাকৰিৰ বাবে হাহাকাৰ । ইয়াৰ পাছতো প্রচাৰ বাদ দিব বিচৰা নাই প্রধানমন্ত্রী মোদীয়ে ।

কিছুসংখ্যকৰ মতে, এইবোৰৰ বাবেই সম্প্রতি মোদীৰ জনপ্রিয়তা হ্ৰাস পাইছে । চলিত মাহত এক সংবাদমাধ্যমে কৰা সমীক্ষা অনুযায়ী, পূৰ্বৰ তুলনাত মোদীৰ জনপ্ৰিয়তা ২৪ শতাংশ হ্ৰাস পাইছে ।

দলীয় সূত্রৰ মন্তব্য, ১৭ ছেপ্টেম্বৰত প্রধানমন্ত্রীৰ জন্মদিন । তেওঁৰ কুৰি দিনৰ পাছতে, সাত অক্টোবৰত প্রশাসক হিচাপে ২০ বছৰ পূর্তি কৰিব মোদীয়ে । এই দুই দিনক একেলগে তিনি সপ্তাহ ধৰি বিশেষ উদ্‌যাপনৰ পৰিকল্পনা কৰিছে দলে । লগতে নদী চফা, ৰেচন বিতৰণ, দৰিদ্ৰ লোকসকলৰ লগত থাকি দিনটো সেৱা দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত লৈছে দলে । এই সন্দৰ্ভত কংগ্রেছ নেতা জয়ৰাম ৰমেশৰ মন্তব্য, দেশৰ মানুহৰ দাৰিদ্রতা বাঢ়িছে আৰু বিজেপিয়ে প্রধানমন্ত্রীৰ জন্মদিন উপলক্ষে অর্থ ব্যয় কৰাৰ পৰিকল্পনা কৰিছে ।

তৃণমূল সাংসদ ডেৰেক অ’ব্রায়েনে জন্মদিনৰ শুভেচ্ছা জনায় কটাক্ষ কৰে, মার্গদর্শক মণ্ডলিত যাবলৈ আৰু মাত্র চাৰি বছৰ বাকী । সুস্থ থাকক । উল্লেখযোগ্য যে, বিজেপিৰ অঘোষিত নীতি হ’ল ৭৫ বছৰৰ পাছত প্রত্যক্ষ ৰাজনীতিৰ পৰা অবসৰ গ্ৰহণ কৰিব লাগে নেতাসকলে । অবসৰ গ্ৰহণ কৰা নেতাসকলৰ স্থান হয় মার্গদর্শক মণ্ডলিত । যেনে লালকৃষ্ণ আডবাণী, মুৰলি মনোহৰ
জোশী ।

প্রধানমন্ত্রীৰ জন্মদিন সংক্রান্ত তিনি সপ্তাহৰ এই অনুষ্ঠান সুস্থভাৱে পৰিচালনা কৰিবৰ বাবে চাৰি সদস্যৰ এটা দল গঠন কৰিছে বিজেপিয়ে । দলৰ সদস্যসকল হৈছে কৈলাশ বিজয়বর্গীয়, ডি পুৰন্দেশ্বৰী, বিনোদ সোনকাৰ আৰু ৰাজকুমাৰ চহাৰ । সম্প্ৰতি, জন্মদিন উপলক্ষে দেশৰ বিভিন্ন প্রান্তত ১৭ ছেপ্টেম্বৰত জনসেৱা বিষয়ক ভার্চুৱেল মাধ্যমত অনুষ্ঠান অনুষ্ঠিত হ’ব । এই অনুষ্ঠানত ৰাজনৈতিক ব্যক্তিত্ব, সমাজসেৱকসকলে বক্তৃতা প্ৰদান কৰিব । তদুপৰি জনসেৱা বিষয়ক বিভিন্ন ভাষাত লেখা প্রকাশিত হ’ব ।

লগতে টিকাকৰণ কার্যসূচী সাফল্যৰে চলাই যোৱাৰ বাবে ভিডিঅ’ত প্রধানমন্ত্রীক ধন্যবাদ দিয়া দেখা যাব বিজেপি কর্মীসকল ।

Exit mobile version