মেষঃ মনৰ স্থিৰ ৰখাৰ দৰকাৰ হ’ব । অনাহক হ’লেও মন বিৰোধী কথাত খং উঠিব পাৰে । ভবামতে কামত অগ্ৰসৰ হ’ব । শুভ বৰ্ণ মেৰুণ । মেৰুণ ৰং ব্যৱহাৰ কৰিব ।
বৃষঃ চোৰৰ পৰা সাৱধানে থাকক । মুক্তভাৱে ধন নাৰাখিব । বিদ্যাত মধ্যম । মন চঞ্চল থাকিব । শুভ বৰ্ণ গাঢ় নীলা । এই ৰঙৰ ব্যৱহাৰে আপোনাৰ সফলতা আনিব ।
মিথুনঃ ভ্ৰমণাদি পৰাপক্ষত স্থগিত ৰাখক । শাৰীৰিক প্ৰতিও নজৰ ৰাখিব লাগিব । আত্মীয়ক লৈ উদ্বেগৰ কাৰক । শুভ বৰ্ণ চকলেট ৰং । আজি নিৰামিষ আহাৰ গ্ৰহণ কৰিব ।
কৰ্কটঃ মজলীয়া দিন । অৱশ্যে তাৰ মাজতে দুই-এটা যোগাযোগত আনন্দিত হ’ব । আজি আপোনাৰ শুভ বৰ্ণ হালধীয়া । হালধীয়া ৰং ব্যৱহাৰ কৰিব ।
সিংহঃ আনৰ কথাত উঠা-বহা কৰা সকল সাৱধান থাকক । আজি আপুনি ৰাতিপুৱা বেলগছত পানী ঢালিব । শুভ বৰ্ণ সেউজীয়া ।
কন্যাঃ বিষয় সম্পত্তিৰ লগত লাগি থকা সকল উপকৃত হ’ব কিছুমান পাৰিৱেশিক বাধাৰ বাবে দৃঢ় পদক্ষেপ লোৱাটো টান হ’ব । শুভ ৰং বগা । বগা ৰং ব্যৱহাৰ কৰিব ।
তুলাঃ দূৰ যাত্ৰাদিত বাধা থাকিব । অনাহক কথা বুলি নজনাৰ বাবে মতান্তৰ সোমাই পৰিব । নতুন সংযোগ আছে । আপুনি আজি কমলা ৰং ব্যৱহাৰ কৰিব ।
বৃশ্চিকঃ আনন্দিত সংবাদ বুলি জানিও নিশ্চিত নহ’ব । শৰীৰ সম্পৰ্কে সচেতন ব্যক্তিৰ চিন্তা কম । আপুনি আজি ৰঙা ৰং ব্যৱহাৰ কৰিব ।
ধনুঃ অভাৱনীয় কথাত খৰচৰ পথ ওলাব । নকৰো বুলি বা নিদিও বুলি ভবা কথাকো ৰাখিব নোৱাৰিব । আপোনাৰ শুভ বৰ্ণ পাতল সেউজীয়া । সেউজীয়া ৰং ব্যৱহাৰ কৰিব ।
মকৰঃ কথা ব্যৱহাৰত সংযত থাকক । ঘৰুৱাত সিমান বেয়া নহয় । বিদ্যাৰ্থীসকলে আজি ৰাতিপুৱা তুলসীৰ তলত পানী ঢালিব । দুখীয়াক দান কৰিব শুভ বৰ্ণ গুলপীয়া ।
কুম্ভঃ উন্নত পৰিৱেশ ঘৰুৱা মনোমত পৰিৱেশ আশা কৰিব পাৰে । সন্তানৰ সান্নিধ্যত উৎসাহিত । আপুনি আজি ক’লা ৰঙৰ পৰা বিৰত থাকক ।
মীনঃ কিছুমান নতুন দায়িত্ব মূৰত পৰাৰ সম্ভাৱনা । আজি আপুনি যাত্ৰা কৰোতে মানিবেগত তিনিটা তুলসীৰ পাত ল’ব । ক্ৰীম ৰঙৰ কাপোৰ ব্যৱহাৰ কৰিব ।