বজাৰত মুক্তিলাভ কৰিছে বিএমডব্লিউৰ এক নতুন আকৰ্ষণীয় ইলেক্ট্ৰিক বাইক । বিএমডব্লিউ চিই-০২ শীৰ্ষক এই নতুন ই-বাইক মডেলখন হৈছে এখন মিনি ইলেক্ট্ৰিক বাইক ।
ADVERTISEMENT
বৰ্তমান এই বাইকখন জাৰ্মানীৰ বজাৰতহে উপলব্ধ হৈছে যদিও খুব শীঘ্ৰেই ভাৰততো বিচৰণ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে বাহনখনৰ ।
বিএমডব্লিউ চিই-০২ নামৰ ইলেক্ট্ৰিক বাইকখনে ঘণ্টাত ৯০ কিলোমিটাৰ গতিত চলিব বুলি দাবী কৰিছে সংস্থাটোৱে । অৱশ্যে সংস্থাটোৱে বাইকখনৰ বেটাৰী সম্পৰ্কত কোনো তথ্য প্ৰকাশ কৰা নাই অদ্যপি ।