বৰষুণৰ পানীৰ ওপৰত নিৰ্ভৰশীল এখন গাঁও

ভূত বাংলাত পৰিণত মেদা পানী যোগান আঁচনি, বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ গাওঁবাসীৰ

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বৰপেটা সংমণ্ডলৰ অধিনস্ত সৰভোগ সমষ্টিৰ মেদা পানী যোগান আঁচনি সম্প্ৰতি পৰিণত হৈছে ভূত বাংলাত।

এটুপাল বিশুদ্ধ খোৱা পানীৰ বাবে গাঁওবাসীয়ে কৰিবলগীয়া হৈছে হাহাকাৰ। গাঁওখনত চৰকাৰে দমকলৰ ব্যৱস্থা কৰিছিল যদিও অত্যাধিক আইৰণৰ কাৰণে খাব নোৱাৰে দমকলৰ পানী।

ভূমি দাতা ৰবীন দাসৰ মৃত্যুৰ পাছৰ পৰাই বিকল হৈ ভূত বাংলাত পৰিণত হৈছে মেদা পানী যোগান আঁচনি খন। অনুকম্পা মূলক আঁচনিৰ জৰিয়তে চাকৰিৰ দাবী জনাইছে ভূমি দাতা ৰবীন দাসৰ পুত্ৰ ভগীৰথ দাসে।

উল্লেখ্য যে, উক্ত গাঁওখন বহু ক্ষেত্ৰত বৰষুণৰ পানীৰ ওপৰত নিৰ্ভৰশীল বুলি জানিবলৈ দিয়ে ৰাইজে ।

Exit mobile version