মহানগৰত ১৭ ছেপ্টেম্বৰত ৬০,০০০ পালি টিকাকৰণৰ লক্ষ্য, ২৪x৭ চলিব টিকাকৰণ

1 16006

অহা ১৭ ছেপ্টেম্বৰত হ’ব লগা মেগা টিকাকৰণ অভিযানত কামৰূপ মেট্ৰ জিলাত অতি কমেও ৬০,০০০ পালি টিকাকৰণৰ লক্ষ্য স্থিৰ কৰিছে জিলা প্ৰশাসনে৷

এই লক্ষ্যত উপনীত হোৱাৰ বাবে টিকাকৰণ কেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰাৰ নিৰ্দেশ দিছে উপায়ুক্ত বিশ্বজিৎ পেগুৱে৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে অহা ১৭ ছেপ্টেম্বৰত দেশজুৰি আয়োজন কৰা হৈছে মেগা টিকাকৰণ অভিযানৰ৷ এই অভিযানৰ প্ৰস্তুতিৰ বুজ লোৱাৰ বাবে সোমবাৰে বিয়লি উপায়ুক্ত বিশ্বজিৎ পেগুৰ অধ্যক্ষতাত অনুষ্ঠিত হয় গুৰূত্বপূৰ্ণ বৈঠক৷

স্বাস্থ্য বিভাগ আৰু এনজিও’ সমূহৰে হোৱা এই বৈঠকত টিকাকৰণ অভিযানত এনজিও’ সমূহক অধিক সক্ৰিয়ভাৱে জড়িত হ’বলৈ আহ্বান জনায় উপায়ুক্ত বিশ্বজিৎ পেগুৱে৷

যোৱা ২১ জুনত অংশ লোৱা কেন্দ্ৰসমূহ পুনৰ সক্ৰিয় কৰাৰ লগতে অতিৰিক্ত কেন্দ্ৰ সৃষ্টি কৰাৰ সিদ্ধান্ত লৈছে জিলা প্ৰশাসনে৷

নিয়মীয়া সূচীৰ পৰিৱৰ্তে সেইদিনা পুৱা আঠ বজাৰ পৰা সন্ধ্যা পাঁচ বজালৈ টিকাকৰণ কৰাৰ নিৰ্দেশ দিয়ে উপায়ুক্তই৷ লগতে কেতবোৰ নিৰ্বাচিত এইজিও’ত ২৪x৭ টীকাকৰণৰো নিৰ্দেশ দিয়া হয়৷

লগতে এই অভিযানৰ বিষয়ে ৰাইজৰ মাজত বহুল প্ৰচাৰৰ বাবে যথোপযুক্ত ব্যৱস্থা ল’বলৈ স্বাস্থ্য বিভাগক নিৰ্দেশ দিছে উপায়ুক্তই৷

আজিৰ বৈঠকখনত অতিৰিক্ত উপায়ুক্ত গুণজিৎ ৰয়চৌধুৰীৰ লগতে স্বাস্থ্য বিভাগৰ বিষয়াসকল উপস্থিত থাকে৷

মহানগৰৰ প্ৰায় ১১.৬৪ লাখ লোকে প্ৰথম পালি ভেকচিন লাভ কৰাৰ বিপৰীতে ৫.১৩ লাখ লোকে দ্বিতীয় পালি ভেকচিন লাভ কৰিছে৷

Exit mobile version