সিদ্ধাৰ্থৰ মৃত্যুৰ পাছত চিকিৎসা চলিছে শ্বেহনাজৰ ? জনালে ‘বিগ বছ’ৰ প্ৰাক্তন প্ৰতিযোগী

shehnaaz gill sidharth shukla death 16306572863x2 1

সিদ্ধাৰ্থ শুক্লাৰ মৃত্যুৱে ভাঙি পেলাইছে শ্বেহনাজ গিলক । সিদ্ধাৰ্থৰ মৃত্যুৰ খবৰ পাইয়ে অসুস্থ হৈ পৰিছিল শ্বেহনাজ। তথ্য অনুসৰি সম্প্ৰতি তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটিছে । ফলস্বৰূপে, তেওঁক চিকিৎসাৰ প্ৰয়োজন হৈছে।

সিদ্ধাৰ্থৰ মৃত্যুৰ পাছত তেওঁলোকৰ বহু সহকৰ্মীয়ে শ্বেহনাজক লগ কৰিছে। তেওঁলোকে একাধিক বাৰ জানিবলৈ দিয়ে যে শ্বেহনাজ আৱেগিকভাৱে বিধ্বস্ত হৈছে।

এইবাৰ, এই বিষয়ে মুখ খুলিলে বিগ বছৰ প্ৰতিযোগী অভিনৱ শুক্লাই । তেওঁ কয় যে তেওঁৰ পত্নী ৰুবিনা দিলাইকে শ্বেহনাজক লগ কৰিছে। শ্বেহনাজ বৰ্তমান সুস্থ আছে। লাহে লাহে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে শ্বেহনাজ।

সিদ্ধাৰ্থৰ মৃত্যুৰ পাছত ৰাহুল মহাজনেও শ্বেহনাজক লগ কৰে । তেওঁ কয়, “শ্বেহনাজ সম্পূৰ্ণৰূপে শেঁতা। এনেকুৱা লাগিছে যেন ধুমুহাই সকলোবোৰ ধুই পেলাইছে। সিদ্ধাৰ্থৰ অন্ত্যেষ্টিক্ৰিয়াত শ্বেহনাজকো মাটিত পৰি কান্দি থকা দেখা গৈছিল ।”

শেহনাজে দুই ছেপ্টেম্বৰৰ পৰা সামাজিক মাধ্যমত কোনো ধৰণৰ প’ষ্ট কৰা নাই । শ্বেহনাজ আৰু সিদ্ধাৰ্থৰ পৰিয়ালে এই কঠিন সময়টো অতিক্ৰম কৰিব পাৰে তাৰে প্ৰাৰ্থনা কৰিছে বিগ বছ ১৪ৰ প্ৰতিযোগি অভিনৱ শুক্লাই।

Exit mobile version