মেষঃ সুখ সমৃদ্ধি বৃদ্ধি হ’ব । টকা-পইচাৰ অভাৱ দূৰ হ’ব । কুগ্ৰহৰ প্ৰভাৱে সন্তানৰ ক্ষতি কৰিব পাৰে । প্ৰতিকাৰ পুৱা গা ধুই তিতা গাৰে তুলসীত পানী ধালি লক্ষ্মী নাৰায়ণক স্মৰণ কৰিব । শুভ ৰং আকাশী নীলা ।
বৃষঃ আৰ্থিক ক্ষতিৰ যোগ আছে । সামান্য কথাতে কাজিয়া হ’ব পাৰে । কোনো ধৰণৰ ভাল কাম আজি আৰম্ভ নকৰিব । হাতৰ পৰা বস্তু হেৰাব পাৰে । প্ৰতিকাৰ – ভিক্ষাৰিক ক’লা বস্তু দান কৰিব । শুভ ৰং গেৰুৱা ।
মিথুনঃ এই ৰাশিৰ জাতকৰ আজি শুভ দিন । যিকোনো শুভ কাম আৰম্ভ কৰিব পাৰে নিজৰ ভুলে ক্ষতি কৰিব । আনক উপদেশ দি নিজে সমস্যাত পৰিব । শিক্ষাৰ্থীৰ শাৰীৰিক অসুস্থতাই ক্ষতি কৰিব । প্ৰতিকাৰ ঘৰলৈ অহা আলহিক সুমিষ্ট ফল খুৱাওক । শুভ ৰং হালধীয়া ।
কৰ্কটঃ বিবাহৰ প্ৰস্তাৱ আহিব পাৰে । আৰ্থিক অনাটন দূৰ হ’ব । পাবলে থকা ধন হাতলৈ আহিব । প্ৰতিকাৰ – শিৱ মন্দিৰত বেল পাত, গাখীৰ, ধতুৰা ফুল দি লিংগ পূজা কৰি শিৱ পাৰ্বতিক আৰাধনা কৰিব । শুভ ৰং ৰঙা ।
সিংহঃ যান-বাহন দুৰ্ঘটনা পতিত হ’ব পাৰে । শিক্ষাৰ্থীয়ে বিচৰা ধৰণে ফল নাপাব । বিশেষ ভাল খবৰ পাব । ব্যৱসায়ত লোকচান হ’ব পাৰে । প্ৰতিকাৰ – এটা পাত্ৰত পানী লৈ সূৰ্যলৈ চাই অৰ্পণ কৰিব । শুভ ৰং বেঙুনীয়া ।
কন্যাঃ কৰ্মস্থান পৰিৱৰ্তন হ’ব পাৰে । পাৰিবাৰিক কন্দল হ’ব পাৰে । শিক্ষাৰ্থীৰ শুভ ফল প্ৰাপ্তিৰ যোগ । প্ৰতিকাৰ – অগৰু চন্দন মিলাই গোটেই ঘৰতে চতিয়াব । শুভ ৰং হালধীয়া ।
তুলাঃ সাহিত্যচৰ্চা কৰা সকলৰ সন্মান বাঢ়িব । অচিনাকি ব্যক্তিৰ পৰা ক্ষতি হ’ব পাৰে । যুতিয়া ব্যৱসায়ত হাত নিদিব । প্ৰতিকাৰ – দোৰোন ফুল পাঁচটা পানীৰে পূৰ্ণ পাত্ৰত লৈ সূৰ্যলৈ চাই অৰ্পণ কৰিব । শুভ ৰং বগা ।
বৃশ্চিকঃ সংযম ৰাখি কথা পাতিব । হাতলৈ টকা আহিব যদিও খৰচ বাঢ়িব । আনে লোৱা টকা ঘূৰাই পাব । প্ৰতিকাৰ – তিনি দাল ধূপ জ্বলাই ঘৰৰ চাৰিওপাশ পদক্ষিণ কৰিব । শুভ ৰং হালধীয়া ।
ধনুঃ ঘৰত কোনবোৰ চাকৰিৰ সম্ভাৱনা আছে । মূৰত আঘাত পাব পাৰে । ব্যৱসায়ত লোকচান হ’ব পাৰে । প্ৰতিকাৰ – হনুমান মন্দিৰত ফলমূল দি হনুমান চালিচা পাঠ কৰিব । শুভ ৰং গেৰুৱা ।
মকৰঃ চাকৰিৰ বাবে চেষ্টা কৰা সকলে ভাল ফল পাব । আজি টকা ধাৰলৈ নিদিব । প্ৰতিকাৰ – লোহাৰ আঙুঠি এটা সোঁহাতত পিন্ধিব । শুভ ৰং নীলা ।
কুম্ভঃ অচিনাকি ব্যক্তিয়ে ক্ষতি কৰাৰ আশংকা আছে । দূৰ ভ্ৰমণ নকৰিব । বন্ধুৰ দ্বাৰ প্ৰতাৰিত হ’ব । প্ৰতিকাৰ – ঘৰৰ পৰা ওলাই যাওতে সূৰ্যক প্ৰণাম কৰি ওলাব । লগত এটা বেল পাত ৰাখিব । শুভ ৰং হালধীয়া ।
মীনঃ হাতলৈ টকা আহিব কিন্তু জমা ৰাখিব নোৱাৰে । মাতৃৰ স্বাস্থ্য অসুস্থ হ’ব পাৰে । অৰ্মসংস্থাপন বিচৰা সকলে আজি জ্যেষ্ঠ কৰক । প্ৰতিকাৰ – ঘৰলৈ অহা যিকোনো ব্যক্তিক আদৰ কৰি শুশ্ৰূষা কৰিব । পাৰিলে এটা মিঠা ফল খুৱাব । শুভ ৰং বেঙুনীয়া ।