শালবাৰীত হাদান থুনলাইয়াৰী আড্ডাৰ বড়ো-অসমীয়া সাহিত্য পাঠৰ অনুষ্ঠান

WhatsApp Image 2021 09 19 at 6.59.46 PM

হাদান থুনলাইয়াৰী আড্ডা, শালবাৰীৰ উদ্যোগত শালবাৰী জিলা বড়ো সাহিত্য সভা ভৱনত আজি “নিজ কৃতিত্বক সৃষ্টিত ব্যৱহাৰ কৰক” শীৰ্ষক এখন মনোজ্ঞ বড়ো-অসমীয়া সাহিত্য পাঠৰ অনুষ্ঠান সম্পন্ন হয় । হাদান থুনলাইয়াৰী আড্ডা, শালবাৰীৰ প্ৰতিষ্ঠাপক সাহিত্যানুৰাগী বিনোদ মুছাহাৰীৰ সঞ্চালনাত অনুষ্ঠিত সাহিত্য পাঠৰ অনুষ্ঠানত মুখ্য অতিথিৰ ভাষণত প্ৰাক্তন এমচিএলএ তথা বিশিষ্ট কবি সাহিত্যিক অনিপ বসুমতাৰীয়ে অসমৰ জনগোষ্ঠীয় ভাষা, সাহিত্য, সংস্কৃতিৰ মাধ্যমেৰে এখন স্থায়ী শান্তি-সমন্বয়ৰ সমাজ প্ৰতিষ্ঠা কৰাৰ মুকলি আহ্বান জনায় ।

লগতে বড়ো, অসমীয়া তথা অসমৰ জনগোষ্ঠীয় ভাষা, সাহিত্য, সংস্কৃতিক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰিবলৈ হ’লে, আগুৱাই নিব’লৈ হ’লে সকলো জনগোষ্ঠীয়ে ঐক্যবদ্ধভাৱে ভাষা সাহিত্য সংস্কৃতিৰ উত্তৰণৰ বাবে কাম কৰিব লাগিব বুলিও কয় মুখ্য অতিথি অনিপ বসুমতাৰীয়ে । অনিপ বসুমতাৰীয়ে কে’বাটাও স্বৰচিত কবিতা পাঠ কৰে ।

সাহিত্য পাঠৰ অনুষ্ঠানত বড়ো ৰাইটাৰ্ছ একাডেমিৰ মুখপাত্ৰ সম্পাদক তথা বিশিষ্ট কবি সাহিত্যিক কালিচৰণ উজিৰ, কবি সাহিত্যিক বিনেন সিং কছাৰী, সাংবাদিক ৰাজীৱ তালুকদাৰে নিমন্ত্ৰিত অতিথিৰূপে ভাষা-সাহিত্য সম্বলিত বক্তৃতা প্ৰদান কৰে । সাহিত্য পাঠৰ অনুষ্ঠানত স্বপন কুমাৰ বসুমতাৰী, যশোদা ৰামচিয়াৰী, কালিচৰণ উজিৰ, ৰছেন মছাহাৰী, বিনেন সিং কছাৰী, অঞ্জালী বসুমতাৰী, বিপুল স্বৰ্গীয়াৰী, অৰ্চনা স্বৰ্গীয়াৰী, শছীন্দ্ৰ বসুমতাৰী, ছৱিৰাম বড়ো, ৰাজীৱ তালুকদাৰৰ লগতে কে’বাগৰাকীও কবি সাহিত্যিকে বড়ো আৰু অসমীয়া ভাষাত স্বৰচিত কবিতা, গল্প পাঠ কৰে ।

সঞ্চালকৰ ভাষণত বিনোদ মুছাহাৰীয়ে অসমৰ জনগোষ্ঠীয় ভাষা-সাহিত্যৰ উত্তণৰ ওপৰত সৱলীল বক্তৃতা প্ৰদান কৰে ৷

Exit mobile version