দুচকীয়া বাহন নির্মাতা কোম্পানী ওলা ইলেক্টিক মােবিলিটিয়ে শেহতীয়াকৈ বজাৰত ইয়াৰ ওলা এছ-১ শীর্ষক ই-স্কুটাৰখনৰ বিক্ৰী আৰম্ভ কৰিছে। ইচ্ছুক গ্রাহকসকলে মাত্র ২,৯৯৯ টকাৰ। মাহিলি কিস্তিত ক্ৰয় কৰিব পাৰিব এই অত্যাধুনিক বৈদ্যুতিক বাহনখন। ওলা ইলেক্ট্রিকৰ তৰফৰ পৰা জানিবলৈ দিয়া মতে,বাহনখন ক্রয় কৰাৰ বাবে প্রয়ােজন অনুসৰি ইচ্ছুক ক্রেতাই ফাইনেন্স বা বিত্তীয় সহায়ৰাে সুবিধা পাব।
আইডিএফচি ফাষ্ট বেংক,এইছডিএফচি বেংক আৰু টাটা কেপিটেলৰ পৰা ঋণ ল’ব পাৰিব গ্রাহকে। ওলাৰ বিত্তীয় সহায় শাখা ওলা ফাইনেন্সিয়েল ছার্ভিচেছে এছ-১ শীর্ষক এই ই-স্কুটাৰখনৰ গ্রাহকক ঋণ প্রদানৰ বাবে , উপৰােক্ত বেংক কেইটাৰ উপৰি আন কেবাটাও আগশাৰীৰ বেংকৰ স’তে চুক্তিবদ্ধ হৈছে।
এনে চুক্তিৰ আধাৰতে এইছডিএফচি বেংকে ওলা আৰু ওলা বৈদ্যুতিক এপৰ মাধ্যমেদি গ্রাহকক মাত্র কেইটামান মিনিটৰ ভিতৰতে অট’ ঋণ প্রদান কৰিব বুলি জানিবলৈ দিছে। আনহাতে, টাটা কেপিটেল আৰু আইডিএফচি ফার্স্ট বেংকে ডিজিটেল কেৱাইচি প্রক্রিয়াৰে নথিপত্ৰ পৰীক্ষা কৰি গ্ৰাহকক তাৎক্ষণিক ঋণ প্রদান কৰিব।
কোম্পানীটোৱে প্ৰকাশ কৰা বিবৃতিৰ তথ্য মতে, এই ই-স্কুটাৰৰ বিতৰণ অহা অক্টোবৰৰ পৰা আৰম্ভ হ’ব। অক্টোবৰৰ পৰাই টেষ্ট ড্রাইভৰাে সুবিধা পাব গ্রাহকে। উল্লেখ্য যে গ্রাহকসকলে ওলা বৈদ্যুতিক এপৰ জৰিয়তে এই নতুন স্কুটাৰৰ বীমাও কৰিব পাৰে।