‘অনলাইন কেঁচুৱা’ জন্ম দিলে এগৰাকী মহিলাই ,সন্তানৰ নাম ৰাখিলে ‘ই-বেবী’

1632059668 new project 2021 09 19t190101 176

‘অনলাইন সন্তান ‘জন্ম দিলে এগৰাকী মহিলাই । ইংলেণ্ডৰ নানথৰ্পৰ ৩৩ বছৰীয়া ষ্টেফেনি টেইলৰ নামৰ এগৰাকী মহিলাই এটি ‘অনলাইন কেঁচুৱা’ৰ জন্ম দিয়ে।

কন্যা সন্তানৰ নাম ৰাখিলে ‘ই-বেবী’ । ইয়াৰ পূৰ্বে এটি পুত্ৰ সন্তানৰ মাতৃ ষ্টেফেনিয়ে যিকোনো মূল্যৰ বিনিময়তে আন এটা সন্তান বিচাৰিছিল। কিন্তু তেওঁ স্বামীৰ পৰা বিচ্ছেদ হৈছিল আৰু ষ্টেফেনিয়ে পুনৰ এটা নতুন সম্পৰ্কত সোমাবও বিচৰা নাছিল।

চিকিৎসালয়ৰ পৰা আইভিএফৰ দৰে ব্যয় বহুল চিকিৎসা পদ্ধতিৰে সন্তান জন্ম দিবলৈ তেওঁ আৰ্থিকভাৱে সক্ষম নাছিল। গতিকে ষ্টেফেনিয়ে বিচাৰি উলিয়ালে আন এটা উপায়।

ষ্টেফেনিয়ে অনলাইন এটা সন্তান জন্ম দিয়াৰ সিদ্ধান্ত ল’লে । লগে লগে এটা বেবী এপৰ জৰিয়তে শুক্ৰাণুৰ অৰ্ডাৰ দিয়ে মহিলাগৰাকীয়ে ।

ই-কমাৰ্চ ছাইট ‘ই-বে’ ৰ পৰা গৰ্ভধাৰণৰ এটা কিট অৰ্ডাৰ কৰিছিল আৰু ইউটিউবত ভিডিঅ’ চাই সেই কিটটো কেনেদৰে ব্যৱহাৰ কৰিব লাগে শিকি লৈছিল ষ্টেফেনিয়ে।

তেওঁ কয় যে, তেওঁৰ প্ৰথম প্ৰচেষ্টাত জীয়েক ইডেন (Eden)ক গৰ্ভধাৰণ কৰিছিল । এপৰ পৰা শুক্ৰাণু বুক কৰাৰ পাছত শুক্ৰাণু দাতা নিজে তেওঁৰ ঘৰলৈ আহি তেওঁক শুক্ৰাণু দিছিল।

ষ্টেফেনিয়ে তেওঁৰ কন্যাক এক অলৌকিক ঘটনা বুলি অভিহিত কৰি কয় যে এই সন্তানটি প্ৰকৃততে এটি ‘অনলাইন কেঁচুৱা’।

মহিলাগৰাকীয়ে আৰু কয়, যদি তেওঁৰ ঘৰত বৈদ্যুতিক সা-সৰঞ্জামৰ সুবিধা নাথাকিলে হেতেন তেন্তে তেওঁ কেতিয়াও ইডেনক জন্ম দিব নোৱাৰিলেহেতেন।

ষ্টেফেনিৰ ইতিমধ্যে এজন পাঁচ বছৰীয়া পুত্ৰ আছে যাৰ নাম ফ্ৰেঙ্কি। পুত্ৰ জন্মৰ কিছুদিনৰ পাছতে ষ্টেফেনি আৰু তেওঁৰ স্বামীৰ মাজত বিচ্ছেদ হয়।

মহিলাগৰাকীয়ে তেওঁৰ প্ৰথম সংগীজনৰ স’তে সম্পৰ্ক ৰাখিব বিচৰা নাছিল আৰু নতুনকৈ আন কাৰোবাৰ স’তেও সম্পৰ্ক গঢ়িব বিচৰা নাছিল, সেয়েহে তেওঁ গৰ্ভধাৰণৰ অন্য পথ বাছি ল’লে।

ষ্টেফেনিক এই এপটোৰ বিষয়ে এজন বন্ধুৱে কৈছিল য’ত মহিলাসকলে তেওঁলোকৰ পছন্দ মতে শুক্ৰাণু দাতা (Sperm Donor) বাছনি কৰিব পাৰে। ষ্টেফেনিয়েও বিচাৰিছিল এটা স্বাস্থ্যৱান পৰিয়ালৰ ব্যক্তিৰ শুক্ৰাণু । ষ্টেফেনিয়ে শুক্ৰাণু দাতাক এদিনতে বিচাৰি পাইছিল আৰু তাৰ পাছত ইউটিউব চাই কিটটো ব্যৱহাৰ কৰিছিল। ষ্টেফেনিৰ জীয়েকৰ জন্ম যোৱা বছৰ অক্টোবৰতে হয়।

Exit mobile version