কলগাছিয়াৰ কিশমত মইনবৰী নবনূৰ হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ চকুত চকুলো, বেঁকী নদীৰ খহনীয়াত বিধ্বস্ত হাইস্কুল

পাঠদানৰ পৰা বঞ্চিত ছাত্ৰ-ছাত্ৰী, বিদ্যালয়ৰ গৃহ নিৰ্মাণৰ দাবী

WhatsApp Image 2021 09 20 at 8.35.07 PM

বিগত পাঁচমাহ বিৰতিৰ পাছত চৰকাৰে দশম শ্ৰেণীৰ পাঠদান কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে । সেই অনুসৰি আজি বৰপেটা জিলাৰ মন্দিয়া শিক্ষা খণ্ডৰ অন্তৰ্গত কিশমত মইনবৰীৰ নবনূৰ হাইস্কুলৰ শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীক উৎসাহীত কৰাৰ বাবে কলগছৰ তোৰণ বনাই ছাত্ৰ-ছাত্ৰীক আদৰণি জনায় । ইফালে, ছাত্ৰ-ছাত্ৰীসকলেও পাঁচমাহ বিৰতিৰ পাছত দশম শ্ৰেণীৰ ক্লাছ খুলি দিয়াৰ লগে লগে আজি বিদ্যালয়ত আহে যদিও বিদ্যালয়খন বেঁকী নৈত জাহ যোৱাত ছাত্ৰ ছাত্ৰীসকল আবেগিক হৈ পৰে ।

বিদ্যালয়খন সম্পূৰ্ণভাৱে বেঁকী নদীত জাহ যোৱাত শৈক্ষিক পৰিৱেশ নথকাৰ বাবে কান্দিবলগীয়া হৈছে ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু শিক্ষকসকলে । আজি বিদ্যালয় খোলাৰ প্ৰথম দিনা ছাত্ৰ-ছাত্ৰীসকলে নৈৰ পাৰত থিয় হৈ বিদ্যালয় বিধ্বস্ত হোৱাৰ দৃশ্য প্ৰত্যক্ষ কৰি পাঠ গ্ৰহণ নকৰাকৈ গৃহ অভিমুখে যাবলগীয়া হৈছে । এই ক্ষেত্ৰত বিদ্যালয়খন পুনৰ নিৰ্মাণ আৰু শিক্ষাৰ পৰিৱেশ গঢ়ি তোলাৰ বাবে নবনূৰ হাইস্কুলৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকে হাতযোৰ কৰি চৰকাৰৰ ওচৰত অনুৰোধ কৰে ।

উল্লেখযোগ্য যোৱা কিছুদিন ধৰি কলগাছিয়াৰ কিশমত মইনবৰীত বেঁকী নৈৰ বিধ্বংসী খহনীয়াত তাৰাকান্দি, জয়পুৰ, চতলা আদি গাঁৱৰ শ শ পৰিয়ালৰ ভেটি-মাটি, ৰাস্তা-ঘাট, শিক্ষানুষ্ঠান, খেতি-পথাৰ আদি নৈৰ বুকুত জাহ গৈছে । খহনীয়াৰ সংশয়ত একাংশ লোকে নিৰাপদ স্থানত আশ্ৰয় গ্ৰহণ কৰিছে যদিও আন একাংশই ওখ ঠাই নাইবা মুকলি আকাশৰ তলত জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে । এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে গৃহহীন পৰিয়ালক পুন:সংস্থাপন আৰু খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰি বিদ্যালয়খন পুনৰ স্থাপন কৰিবলৈ দাবী জনাইছে ।

Exit mobile version