বিন্যাখাতা সমবায় সমিতিৰ বছৰেকীয়া সাধাৰণ সভা সম্পন্ন

WhatsApp Image 2021 09 22 at 5.25.09 PM

কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ বিন্যাখাতা সমবায় সমিতি লিমিটেডৰ ২০২১- ২২ বৰ্ষৰ বছৰেকীয়া সধাৰণ সভাখন আজি দিনৰ দহ বজাত সমবায়খনৰ চৌহদত অনুষ্ঠিত হয় ৷

সমবায়খনৰ সভাপতি দ্বিজেন্দ্ৰ নিৰ্জাৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সাাধাৰণ সভাখনত বছৰেকীয়া প্ৰতিবেদন খন দাখিল কৰে মুখ্য কাৰ্যবাহী মহেশ্বৰ ব্ৰহ্মই ৷

৩৬৩৪ অংশীদাৰক লৈ গঠিত সমিতিখনৰ অধীনত ৩৭ খন সুলভ মূল্যৰ দোকান আছে ৷ সমিতিখনে ২০২১ – ২২ বৰ্ষৰ লাভাংশ দেখুৱায় ১৩৪৮৪২৪.৪২ টকা ৷

সাধাৰণ সভাত মুখ্য কাৰ্যবাহী মহেশ্বৰ ব্ৰহ্মই কয় সমবায়খন উন্নয়নৰ পিনে আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত সমিতিৰ প্ৰত্যেকজন অংশীদাৰে সহায় সহযোগিতা আগবঢ়াব লাগিব৷

তেতিয়াহে সমিতিয়ে লোৱা উন্নয়কামী কাম সমূহৰ বাস্তৱিকতাৰে সফল হব ৷এখন সমবায়ে গ্ৰাম্যঞ্চলৰ অৰ্থনৈতিক বিকাশত যথেষ্ট অৰিহণা যোগায় ৷সাধাৰণ সভাখনত উপস্থিত থাকি অন্থাইবাৰী ভিচিডিচিৰ অধক্ষ্য আব্দুল জলিল খানে বিভিন্ন দিহা পৰামৰ্শ আগবঢ়াই চমু ভাষণ প্ৰদান কৰে ৷

Exit mobile version