নৰ্থ ইষ্ট ডিবেটৰ্ছ এছ’চিয়েচনৰ উদ্যোগত সাহিত্য অকাডেমি অনুবাদ বঁটা বিজয়ী দিগন্ত বিশ্ব শৰ্মাক সম্বৰ্ধনা

WhatsApp Image 2021 09 23 at 8.27.56 PM

গুৱাহাটী প্ৰেছ ক্লাৱত বৃহস্পতিবাৰে নৰ্থ ইষ্ট ডিবেটৰ্ছ এছ’চিয়েচনএ এখনি সম্বৰ্ধনা সভা আয়োজন কৰে । উক্ত সভাত ২০২১ৰ সাহিত্য অকাডেমি অনুবাদ বঁটা বিজয়ী দিগন্ত বিশ্ব শৰ্মাক সম্বৰ্ধনা জনোৱা হয় । লগতে বিশিষ্ট অনুবাদকগৰাকীৰ স’তে এক মত বিনিময় অনুষ্ঠানৰ আয়োজন কৰা হয় ।

অনুষ্ঠানটোত উপস্থিত থাকে অসম জাতীয় বিদ্যালয়ৰ শিক্ষয়িত্ৰী অৰ্পণা দেৱী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ অধ্যাপিকা বিদুলা শৰ্মাৰ লগতে বিতৰ্ক কলা স’তে জড়িত বহু ব্যক্তি তথা ছাত্ৰ-ছাত্ৰী । আৰম্ভণি বক্তব্য আগবঢ়াই অধিবক্তা দীপক শৰ্মাই দিগন্ত বিশ্ব শৰ্মাৰ তৰ্ক জগতৰ প্ৰতি থকা অৱদানৰ ওপৰত আলোকপাত কৰে ।অনুষ্ঠানটি আঁত ধৰে প্ৰাণজিত দাসে । সামৰণি ভাষণ প্ৰদান কৰে বিশালদ্বীপ কাকতীয়ে ।

অনুষ্ঠানটোত উপস্থিত ছাত্ৰ-ছাত্ৰী আৰু সাংবাদিকসকলৰ স’তে মত বিনিময় কৰি দিগন্ত বিশ্ব শৰ্মাই অনুবাদ সাহিত্য স’তে কিদৰে জড়িত হ’ল তথা জীৱনত সফলতা পাবলৈ অকৃত্রিমতা, সৰলতাই যে মূলমন্ত্ৰ বুলি মতপোষণ কৰে । লগতে দিগন্ত বিশ্ব শৰ্মাই মত পোষণ কৰে যে তেওঁ মাথো ঋষি অৰবিন্দৰ বাৰ্তাবাহকহে । ভৱিষ্যতেও অনুবাদৰ ওপৰত কাম কৰি যাব বুলি তেওঁ দোহাৰে ।

Exit mobile version