অক্টোবৰৰ পৰাই পাঠদান আৰম্ভ

ষষ্ঠৰ সোম-বুধ-শুকুৰবাৰেঃ সপ্তমৰ মঙল-বৃহস্পতি-শনিবাৰেঃ অষ্টমৰ বুধ শুকুৰ-শনিবাৰে পাঠদান

assamschool

দীঘলীয়া বিৰতিৰ পাছত অহা অক্টোবৰৰ পৰা পৰ্যায়ক্ৰমে ৰাজ্যৰ চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠানসমূহত পাঠদান আৰম্ভ হ’ব । কালি ৰাজ্য বিভাগে জাৰি কৰা জাননী অনুসৰি পহিলা অক্টোবৰৰ পৰা নৱম আৰু একাদশ শ্ৰেণীৰ পাঠদান শিক্ষানুষ্ঠানত আৰম্ভ হ’ব । সেই দিনাৰ পৰাই সম্পূৰ্ণ খোল খাব স্নাতক মহাবিদ্যালয়, অভিযান্ত্ৰিক মহাবিদ্যালয়, পলিটেকনিক, শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহো । ১৯ অক্টোবৰৰ পৰা পাঠদান আৰম্ভ হ’ব নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ শ্ৰেণীসমূহৰো ।

অৱশ্যে পূৰ্বৰ স্বাভাৱিক ব্যৱস্থাৰ পৰিৱৰ্তে শিক্ষাবিভাগে নিৰ্ধাৰণ কৰি দিয়া নীতি-নিৰ্দেশনা অনুসৰি পাঠদান চলিব । শিক্ষানুষ্ঠানৰ সমান্তৰালকৈ আৱাসিক হোষ্টেলো পহিলা অক্টোবৰৰ পৰা খোলা অনুমতি দিয়া হৈছে । হোষ্টেলত চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰীহে থাকিব পাৰিব । অৱশ্যে আৱাসিক শিক্ষানুষ্ঠানৰ হোষ্টেলত দশম, দ্বাদশৰ ছাত্ৰ-ছাত্ৰীয়েহে থাকিব পাৰিব । ‘ডে বৰ্ডিং’ ব্যৱস্থাও মুকলি কৰিবলৈ শিক্ষানুষ্ঠানসমূহক নিৰ্দেশনাটোত দিয়া হৈছে ।

শিক্ষানুষ্ঠানসমূহ এনেদৰে মুকলি কৰাৰ অনুমতি দিয়াৰ প্ৰাথমিক চৰ্ত হিচাপে নিৰ্দেশনাত উল্লেখ কৰা হৈছে যে ক’ভিডত দৈনিক আক্ৰান্তৰ হাৰ যিবোৰ জিলাৰ দুই শতাংশৰ তলত থাকিব তাতহে এই ব্যৱস্থা প্ৰযোজ্য হ’ব । যদি কোনো জিলাত দুই শতাংশতকৈ অধিক লোক আক্ৰান্ত হয় তেন্তে বিদ্যালয় বন্ধ কৰি দিয়াৰ কৰ্তৃত্ব জিলা উপায়ুক্তৰ থাকিব ।

ইপিনে, ১৯ অক্টোবৰৰ পৰা পাঠদান আৰম্ভ হ’লেও প্ৰথমৰ পৰা পঞ্চমলৈ সপ্তাহত মাত্ৰ তিনিদিনহে শ্ৰেণী বহিব । ইয়াৰ ভিতৰত প্ৰথম, দ্বিতীয় আৰু তৃতীয় শ্ৰেণীসমূহৰ পাঠদান সোমবাৰ, বুধবাৰ আৰু শুকুৰবাৰে হ’ব । চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ পাঠদান অনুষ্ঠিত হ’ব মঙল, বৃহস্পতি আৰু শনিবাৰে । সম্পূৰ্ণ ক’ভিড ‌বিধি অৱলম্বন কৰি পাঠদান চলাটো বিদ্যালয়ৰ মুৰব্বীয়ে নিশ্চিত কৰিব লাগিব । ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীলৈও সপ্তাহত মাত্ৰ তিনিদিনহে বিদ্যালয়ত পাঠদান হ’ব । ষষ্ঠ শ্ৰেণীৰ পাঠদান সোম, বুধ আৰু শুকুৰবাৰে হ’ব । সপ্তম শ্ৰেণীৰ পাঠদান হ’ব মঙল, বৃহস্পতি আৰু শনিবাৰে । একেদৰে অষ্টম শ্ৰেণীৰ পাঠদান হ’ব বুধ, শুকুৰ আৰু শনিবাৰে ।

এই সকলো‌ শ্ৰেণীৰ পাঠদানত ছাত্ৰ-ছাত্ৰী উপস্থিত থকা নথকাটো অভিভাৱকৰ অনুমতি সাপেক্ষে হ’ব বুলিও নিৰ্দেশনাত উল্লেখ কৰা হৈছে । নিৰ্দেশনাত স্পষ্ট কৰা হৈছে ‌বিদ্যালয়ত পাঠদান আৰম্ভ হ’লেও শিক্ষানুষ্ঠানসমহে বৰ্তমানৰ দৰে অনলাইন শিক্ষা দান ব্যৱস্থা অব্যাহত ৰাখিব লাগিব । ইপিনে, শ্ৰেণীসমূহ আৰম্ভ হ’লেও, শিক্ষানুষ্ঠাত কোনো আনুষ্ঠানিক অথবা অনানুষ্ঠানিক সভা, সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত কৰিব নোৱাৰিব । তদুপৰি, শ্ৰেণীসমূহৰ প্ৰতিটো শাখাত ৩০ জনতকৈ অধিক ছাত্ৰ-ছাত্ৰী বহিব নোৱাৰিব ।

ইপিনে, সপ্তাহত এটা দিন বিশেষকৈ দেওবাৰে শিক্ষানুষ্ঠান বীজাণুমুক্ত কৰিব লাগিব । সকলো শিক্ষক-শিক্ষয়িত্ৰীয়ে ক’ভিডৰ প্ৰতিষেধক লোৱাটোও বাধ্যতামূলক কৰা হৈছে । তাৰ বাবে প্ৰয়োজন হ’লে শিক্ষানুষ্ঠান খোলাৰ প্ৰথম তিনিদিনত প্ৰতিষেধক গ্ৰহণ নকৰা শিক্ষক-শিক্ষয়িত্ৰীক প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা বিদ্যালয় কৰ্তৃপক্ষই গ্ৰহণ কৰিব পাৰিব । ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী-কৰ্মচাৰী সকলোৱে মাস্ক পৰিধান কৰা নিৰ্দেশনাটোত বাধ্যতামূলক কৰা হৈছে । বিদ্যালয়ত প্ৰৱেশল পূৰ্বে সকলোৰে দেহৰ তাপমাত্ৰাও জুখিব লাগিব । বিদ্যালয়ত হাত ধোৱা, ছেনিটাইজাৰ ব্যৱস্থাও থাকিব লাগিব । কণ্টেইনমেণ্ট জ’নত শিক্ষানুষ্ঠান বন্ধ থাকিব ।

Exit mobile version