Naba Kumar Saraniya : গোসাইগাঁও-তামুলপুৰত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব জি এছ পিয়ে : সাংসদ নৱ কুমাৰ শৰনীয়া

Screenshot 191

সমাগত উপ নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ লগে লগে ২৮ নং গোসাইগাঁও বিধানসভা সমষ্টিত বিভিন্ন ৰাজনৈতিক দল সংগঠনৰ মাজত ব্যাপক নিৰ্বাচনী কুচকাৱাজ আৰম্ভ হৈছে ৷ এনে সময়তে আজি দুপৰীয়া গোসাইগাঁও সমষ্টিৰ শিমুলটাপুস্থিত ৰাজহুৱা ভৱনত গণ সুৰক্ষা পাৰ্টীৰ এক গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হয় ৷ আলোচনাৰ অন্তত ৫ নং কোকৰাঝাৰ লোকসভাৰ সাংসদ তথা গণ সুৰক্ষা পাৰ্টিৰ সভাপতি নৱ কুমাৰ শৰণীয়াই সংবাদ মাধ্যমৰ আগত কে’বাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ৷

তেওঁ কয়, ‘আগন্তুক উপ নিৰ্বাচনত ২৮ নং গোসাইগাঁও বিধানসভা সমষ্টি আৰু ৫৮ নং তামুলপুৰ সমষ্টিত জি এছ পি দলে প্ৰাৰ্থীত্ব আগবঢ়াব ৷ আমাৰ মিত্ৰতা বি টি চি নিৰ্বাচনতে আছিল বিধানসভা নিৰ্বাচনত নাই । যদি তামুলপুৰ, গোসাইগাঁও আৰু ভবানীপুৰ সমষ্টিৰ ভিতৰত এটা সমষ্টি জি এছ পিক এৰি দিয়ে তেনেহ’লে আমাৰ একো ক’বলগা নাই ৷ কিন্তু যদি এটাও সমষ্টি জি এছ পি দলক এৰি নিদিয়ে তেনেহ’লে জি এছ পি দলৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰা হ’ব ৷ মিত্ৰতা সম্পৰ্কে অৱশ্যে আলোচনা কৰাৰ বাবে ই এম ঘনশ্যাম দাসক দায়িত্ব দিয়া হৈছে ৷ ইয়াৰ ফলত জি এছ পিৰ স্থিতি অধিক জলজল পটপট হ’ব ৷’

Exit mobile version