Manas National Park : পৰ্যটকৰ বাবে মুকলি হ’ল বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান

দীৰ্ঘদিনৰ বন্ধৰ অন্তত পৰ্যটকৰ বাবে আজি পুনৰ মুকলি কৰা হ’ল বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশদ্বাৰ ৷ এই উপলক্ষে আজি ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী ৰেঞ্জৰ মূল প্ৰৱেশদ্বাৰত আয়োজিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ জৰিয়তে ৰঙা ফিটা কাটি মানাহৰ প্ৰৱেশদ্বাৰ পৰ্যটকৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰে বিটিআৰৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰণজিৎ বসুমতাৰীয়ে ৷ ইয়াৰ পূৰ্বে বাঁহবাৰী ৰেঞ্জ কাৰ্যালয়ৰ পৰা বিভাগীয় কে’বাটাও হাতী, বিহু, জুমুৰ, খেৰাই, আয়তী নামতী, বন বিভাগৰ লোক, স্থানীয় লোক মিলি এক শোভাযাত্ৰাৰে মূল প্ৰৱেশদ্বাৰলৈ অতিথিসকলক আদৰি অনা হয় ৷

আজিৰ এই মুকলি অনুষ্ঠানত ৰণজিৎ বসুমতাৰীৰ উপৰি বিটিআৰৰ বন বিভাগৰ চিএইছডি অনুৰাগ সিং, মানাহৰ ক্ষেত্ৰ সঞ্চালক অমল চন্দ্ৰ শৰ্মা, বনবিষয়া ধৰণীধৰ বড়ো, বাঁহবাৰী বনাঞ্চলিক সংমণ্ডলৰ বিষয়া বাবুল ব্ৰহ্ম, কামেশ্বৰ বড়ো, প্ৰাক্তন এনডিএফবি নেতা জি বিদাই, শালবাৰী মহকুমা আৰক্ষী বিষয়া সমীৰণ বৈশ্যকে ধৰি বন বিভাগৰ বহু বিষয়াৰ লগতে বিভিন্ন স্বেচ্ছাসেৱী সংগঠনৰ বিষয়ববীয়া উপস্থিত থাকে ৷ মানাহৰ দ্বাৰ মুকলিৰ পাছতে বিভাগীয় হাতীসমূহক খাদ্যসামগ্ৰী খুওৱাৰ লগতে হাতী ছাফাৰিৰো ব্যৱস্থা কৰা হয় ৷

উল্লেখযোগ্য যে আজিৰে পৰা পৰ্যটকে মানাহৰ বাঁহবাৰী, ভূঞাপাৰা, পানবাৰী ৰেঞ্জৰ উপৰি ককিলাবাৰীৰ প্ৰৱেশদ্বাৰেৰেও মানাহত পৰ্যটনৰ বাবে প্ৰৱেশ কৰিব পাৰিব ৷

Exit mobile version