বিমানকোঠৰ বাবে গৃহহীন হ’ব বহু পৰিয়াল

blog photo

পুনৰ বিপদৰ আগজাননী পাই ক্ষুব্ধ হৈ পৰিছে। বৰঝাৰ বিমানকোঠৰ দাঁতিকাষৰীয়া দুখন গাঁও পুখুৰীপাৰ আৰু বঙৰাৰ বাসিন্দাসকল। কামৰূপ জিলাৰ পলাশবাৰী ৰাজহ চক্ৰৰ অন্তর্গত বৃহত্তৰ বঙৰা অঞ্চলৰ গাঁও দুখনৰ বাসিন্দাসকলে সদৰী কৰে যে কামৰূপ জিলা প্রশাসনে শেহতীয়াকৈ বৰঝাৰ বিমানকোঠৰ ‘ৰাণ ৱে’ সম্প্ৰসাৰণৰ নামত অতি সংগােপনে পুখুৰীপাৰ আৰু বঙৰাৰ স্থানীয় বাসিন্দাৰ ভূমি অধিগ্রহণ কৰিবলৈ প্রক্রিয়া আৰম্ভ কৰিছে।

গাঁওবাসীৰ অভিযােগ, ‘বণিয়াৰ স্বাৰ্থ ৰক্ষা কৰিবলৈ অসম চৰকাৰ আৰু কামৰূপ জিলা প্রশাসনে আমাক গৃহহীন কৰিবলৈ চক্রান্ত কৰিছে। ‘উল্লেখ্য যে যােৱা আগষ্টত বৰঝাৰ বিমানকোঠৰ দাঁতিকাষৰীয়া কৈটাসিদ্ধি আৰু ৰাইবড়ী গাঁৱৰ ৫৪টা পৰিয়ালৰ ৫৫ বিঘা ভূমি অধিগ্রহণ কৰিবলৈ কামৰূপ জিলা প্রশাসনৰ হৈ পলাশবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়াই জাননী প্ৰেৰণ কৰিছিল।

ফলত উক্ত দুয়ােখন গাঁৱৰ বাসিন্দাই পুৰুষ-মহিলা নির্বিশেষে তীব্র প্রতিবাদ কৰাত স্থানীয় বিধায়ক হেমাংগ ঠাকুৰীয়াই গৈ ভূমি সুৰক্ষাৰ স্বাৰ্থত সদায় ৰাইজৰ লগত থাকিব বুলি প্রতিশ্রুতি প্রদান কৰাৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ স’তে বিষয়টো আলােচনা কৰি সুমীমাংসাৰ প্রতিশ্রুতি প্রদান কৰিছিল। অৱশ্যে শেহতীয়াকৈ সমস্যা সমাধানৰ পৰিৱর্তে নতুনকৈ পুখুৰীপাৰ আৰু বঙৰাৰ ভূমি অধিগ্রহণ কৰা হ’ব বুলি প্ৰচাৰ হােৱাত আতংকিত হৈছে স্থানীয় বাসিন্দাসকল।

বৃহত্তৰ কৈটাসিদ্ধি, পুখুৰীপাৰ, ৰাইবড়ী অঞ্চলক লৈ গঠন কৰা ভূমি সুৰক্ষা সমিতিৰ সভাপতি গৌৰীকান্ত নাথে এই সম্পৰ্কত দৈনিক অগ্রদূত’ক কয়, ‘এসপ্তাহ পূর্বে আমাৰ এটি প্রতিনিধি দলে ভূমি অধিগ্রহণ সন্দৰ্ভত কামৰূপ জিলাৰ উপায়ুক্তৰ কার্যালয়লৈ গৈ সঠিক তথ্য জনাৰ উদ্দেশ্যে উপায়ুক্তক সাক্ষাৎ কৰিছিল। উক্ত সাক্ষাতৰ দিনাই সেই কথা পােহৰলৈ আহিছিল যে আচলতে কেৱল ৰাইবড়ী আৰু কৈটাসিদ্ধিৰ ভূমিয়েই নহয় পুখুৰীপাৰ আৰু বঙৰা অঞ্চলৰ ভূমিও অধিগ্রহণৰ গােপন অভিসন্ধি চলিছে।’

জিলা প্ৰশাসনৰ ভাষ্যৰ উদ্ধৃতি দি নাথে লগতে কয়,’ অন্য প্রমাণসহ এতিয়াও তেনে কোনাে জাননী দিয়া নাই যদিও উক্ত সাক্ষাতৰ দিনাই আমাক সাৱধান কৰি দি কৈছিল— আপােনালােকে সাৱধানে থাকিব, বিপদ হ’ব পাৰে। কৈটাসিদ্ধ আৰু ৰাইবড়ীৰ উপৰি পুখুৰীপাৰ আৰু বঙৰাৰ ভূমি অধিগ্রহণ কৰা হ’ব পাৰে।’

ভূমি সুৰক্ষা সমিতিৰ সভাপতিজনে জানিবলৈ দিয়া মতে, ইতিপূর্বে পুখুৰীপাৰত গছ-গছনি কাটি তহিলং কৰিছিল প্রশাসনে। বিমানকোঠৰ ৰাণ ৱে নিৰাপত্তাৰ নামত জিলা প্রশাসনে পূর্বে পুখুৰীপাৰৰ ২৮ ঘৰ মানুহৰ গছ-গছনি কাটিছিল। এই সম্পর্কত তেওঁ কয়, “জিলা প্রশাসনে আমাক জনােৱা কথাটোৱেই যদি বাস্তৱত ৰূপায়ণ হয় তেন্তে আমি গৃহহীন হ’ম।

ফলত অত্যন্ত বিপদত পৰিম। এয়া ঘােৰ অন্যায়।’ ৰাইবড়ী, কৈটাসিদ্ধি, বঙৰা আৰু পুখুৰীপাৰৰ স্থানীয় বাসিন্দাসকলে অভিযােগ কৰা মতে, বঙৰা পঞ্চায়তৰ ৰাজহ গাঁওসমূহৰ ভূমিৰ চৰকাৰী মূল্য বিঘাই প্রতি বর্তমান সাত লাখ টকা; কিন্তু তাৰ বিপৰীতে একেটা স্থানত একঠা মাটিৰ আজিৰ বজাৰ মূল্য কমেও ৪০ৰ পৰা ৫০ লাখ টকা। গতিকে এবিঘাৰ বজাৰ মূল্য দুই কোটিৰাে অধিক।

এনে প্রেক্ষাপটত তেওঁলােকৰ ক্ষোভ— চৰকাৰে চাৰিগুণ বেছি মূল্যত ভূমি অধিগ্রহণ কৰিলেও ভৱিষ্যতে পুনৰ এবিঘা মাটি ক্রয় কৰাটো তেওঁলােকৰ বাবে সম্ভৱ নহয়। উল্লেখ্য যে স্থানীয় বিধায়ক ঠাকুৰীয়াৰ জৰিয়তে মুখ্যমন্ত্রী শর্মাই পূর্বে ভূমি অধিগ্রহণ সন্দৰ্ভত ৰাইবড়ী আৰু কৈটাসিদ্ধিবাসীৰ লগত আলােচনাৰ প্ৰস্তাৱ দিছিল যদিও আজিকোপতি এই আলােচনা হৈ নুঠিল।

অৱশ্যে উক্ত প্রস্তাৱৰ বিপৰীতে ভূমি পৰিত্যাগ নকৰাই প্রস্তারিত আলােচনাৰ পূর্বচর্ত বুলি গাঁওবাসীয়ে স্পষ্ট কৰি দিছিল। যি সময়ত ৰাইবড়ী আৰু কৈটাসিদ্ধিৰ বাসিন্দাই নিজৰ জন্মস্থান ৰক্ষা কৰিবলৈ আন্দোলন আৰু প্ৰতিবাদৰ আশ্রয় ল’বলগীয়া হৈছে, একে সময়তে চুবুৰীয়া পুখুৰীপাৰ আৰু বঙৰাৰ ভূমি অধিগ্রহণ কৰা হ’ব বুলি ওলােৱা বাতৰিয়ে অঞ্চলটোত গভীৰ শংকা আৰু অনিশ্চয়তাৰ সৃষ্টি কৰিছে।

সভাপতি নাথে লগতে জনােৱা মতে, ৰাইবড়ী আৰু কৈটাসিদ্ধি গাঁৱৰ বাসিন্দাই ১৯৬১-৬২ত ৩৬৮ হেক্টৰ, ১৯৭২ত ২৮ হেক্টৰ আৰু ১৯৭৫ত ৭০ হেক্টৰ ভূমি বৰঝাৰ বিমানকোঠৰ নামত এৰি দিবলৈ বাধ্য হৈছিল।

Exit mobile version