Volcano : আইফেল টাৱাৰতকৈ আঢ়ৈ গুণ উচ্চ আগ্নেয়গিৰিয়ে গা কৰি উঠিছে ভাৰত মহাসাগৰৰ তলিত

5 la palma volcano lava in ocean

আইফেল টাৱাৰতকৈ প্রায় আঢ়ৈ গুণ উচ্চ এটা আগ্নেয়গিৰিৰ সৃষ্টি হৈছে এসময়ৰ ফৰাচী উপনিবেশ মাওট্টে দ্বীপৰ কাষৰ ভাৰত মহাসাগৰত । ২০১৮ত দ্বীপটোত এক ভয়ংকৰ ভূমিকম্প হোৱাৰ পাছতে এই আগ্নেয়গিৰিৰ সৃষ্টি হৈছে ।

সদ্যোজাত আগ্নেয়গিৰিটোৰ উচ্চতা ভাৰত মহাসাগৰৰ তলদেশতকৈ দুহেজাৰ ৬৯০ ফুট (বা ৮২০ মিটাৰ) উচ্চ ।

আন্তর্জাতিক ভূ-বিজ্ঞান গৱেষণা পত্রিকা ‘নেচাৰ জিঅ’ছায়েন্স’-ত প্রকাশিত এক গবেষণাপত্রত এই খবৰ দিছে । ২০১৯ৰ ফেব্রুৱাৰীৰৰ পৰা ফৰাচী চৰকাৰৰ অর্থসাহায্যত পেৰিছ বিশ্ববিদ্যালয়ৰ ভূতাত্ত্বিকসকলে গৱেষণাটো কৰে ।

গৱেষণাটো কৰিবলৈ বিজ্ঞানীসকলে ২০১৮ৰ ১৫ মে’ত মাওট্টে দ্বীপত যি ভয়ংকৰ ভূমিকম্প হৈছিল তাৰ যাৱতীয় তথ্যাদি যুগুত কৰে । সেই ভূকম্পনৰ তীব্রতা ৰিখটাৰ স্কেলত আছিল ৫.৮ কম্পনাংক । সেই কম্পন বিশ্বৰ প্রায় সর্বত্রই অনুভূত হৈছিল । লগতে, বিজ্ঞানীসকলে মহাসাগৰৰ তলদেশত আঠ হেজাৰ ৬০০ বর্গ কিলোমিটাৰ অঞ্চলৰ মানচিত্র প্ৰস্তুত কৰে ‘মাল্টিবিম সোণৰ’ যন্ত্রৰে । প্রতিফলিত হৈ অহা শব্দতৰংগ‌ই জনায় মহাসাগৰৰ তলদেশৰ ভূপ্রকৃতি আৰু তাৰ ৰদবদলৰ পৰিমাণ আৰু চৰিত্র ।

মহাসাগৰৰ ৩,৫০০ কিলোমিটাৰ গভীৰতা পর্যন্ত বিভিন্ন ঠাইত তেওঁলোকে ভূকম্পন মাপক যন্ত্র ‘ছিছম’মিটাৰ’ স্থাপন কৰিছে । তাতেই মহাসাগৰৰ তলদেশৰ ২০ৰ পৰা ৫০ কিলোমিটাৰ তলৰ পৰা তেওঁলোকে প্রায় ১৭ হেজাৰ ভূকম্পনৰ সন্ধান পায় । যি ২০১৮ৰ মে’ত মাওট্টে দ্বীপত হোৱা ভয়াবহ ভূকম্পনৰ উত্তৰতৰংগ বা ‘আফটাৰ ছক’ । ইয়াৰ পূৰ্বে মহাসাগৰৰ ইমান গভীৰত কেতিয়াও কোনো ভূকম্পনৰ উত্তৰতৰংগৰ সন্ধান পোৱা নাই ।

গলেষকসকলে জনাইছে, এই উত্তৰতৰংগৰ কাৰণ, ভূকম্পনৰ ফলত অঞ্চলটোৰ টেকটনিক প্লেটবোৰৰ মাজত প্রচণ্ড সংঘৰ্ষ হৈছে । সেই সংঘৰ্ষৰ ফলতেই ভাৰত মহাসাগৰৰ তলিত এই মহাদৈত্যাকাৰ আগ্নেয়গিৰিৰ জন্ম হৈছে বুলি জনাইছে গৱেষকসকলে ।

Exit mobile version