পহিলা জানুৱাৰীৰ পৰা ছিকিমত প্লাষ্টিকৰ পানীৰ বটল হ’ব নিষিদ্ধ

73979525 bangkok thailand february 27 2017 plastic waste water bottle on land

google

ছিকিম চৰকাৰে ঘোষণা কৰা অনুসৰি ২০২২ৰ পহিলা জানুৱাৰীৰ পৰা ৰাজ্যখনত প্লাষ্টিকৰ পানীৰ বটল সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হ’ব ।

এক জানুৱাৰীৰ পৰা ছিকিমৰ বজাৰত প্লাষ্টিকৰ পানীৰ বটল বিক্ৰী কৰা আৰু ব্যৱহাৰ কৰিব নোৱাৰিব । তদুপৰি আন ৰাজ্যৰ পৰা ছিকিমলৈ যোৱা লোকসকলেও প্লাষ্টিকৰ পানীৰ বটলসহ ৰাজ্যখনত প্ৰৱেশ কৰিব নোৱাৰিব ।

ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং টামাঙে এই কথা ঘোষণা কৰি কয় যে পৰিচ্ছন্ন আৰু স্বাস্থ্যসন্মত পানীয় জল যোগান ধৰাৰ বাবে প্ৰাকৃতিক পৰিৱেশ ছিকিমত অটুত আছে । ৰাজ্যখনক প্লাষ্টিকমুক্ত পৰিচ্ছন্ন ৰূপত গঢ় দিবলৈ এই সিদ্ধান্ত লোৱা বুলি টামাং চৰকাৰে জানিবলৈ দিয়ে ।

Exit mobile version