ভৱানীপুৰ সমষ্টিৰ উপ নিৰ্বাচনত মিত্ৰজোঁটৰ প্ৰাৰ্থী ফনীধৰ তালুকদাৰৰ সমৰ্থনত ইউপিপিএলৰ শক্তি প্ৰদৰ্শণ

উপ নিৰ্বাচনত মিত্ৰজোঁটৰ সন্মুখত কোনো প্ৰত্যাহবান নাই- ৰৌণগৌৰা নাৰ্জাৰী

f0ecf489 672c 4380 b49a a7302e919a58

ভৱনীপুৰ বিধানসভা সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থী ফনীধৰ তালুকদাৰৰ সমৰ্থনত ইউপিপিএল দলে আজি শালবাৰীত অন্য এক শক্তি প্ৰদৰ্শণ কৰে। উল্লেখ্য যে ভৱানীপুৰ সমষ্টিৰ শালবাৰী মহকুমা সদৰৰ বাকৰিত ইউপিপিএলৰ উদ্যোগত অনুষ্ঠিত এখন বিশাল জনসভাত মিত্ৰজোঁটৰ প্ৰাৰ্থী ফনীধৰ তালুকদাৰক ইউপিপিএলৰ বিভিন্ন কোষৰ অৰ্ধশতাধিক সমিতিয়ে উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰি আদৰণি জনায়।

ইউপিপিএলৰ শালবাৰী জিলা সমিতিৰ সভাপতি বিকণ গয়াৰীৰ সভাপতিত্বত অনুষ্ঠিত জনসভাত ভাষণ দি ইউপিপিএলৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি ৰৌণগৌৰা নাৰ্জাৰীয়ে তেওঁৰ উদাত্ত ভাষণত কয় যে , ” অসমত হ’বলগীয়া পাঁচটা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনত মিত্ৰজোঁটৰ সন্মুখত কোনো প্ৰত্যাহবান নাই।পাঁচটা বিধানসভা সমষ্টিতেই মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ গৌৰৱময় বিজয়ী নিশ্চিত।

ভৱানীপুৰ বিধানসভা সমষ্টিত ফনীধৰ তালুকদাৰৰ বিপুল ভোটৰ ব্যৱধানত বিজয়ী হ’ব।কাৰণ ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে আৰু প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিচি চৰকাৰে ৰাইজৰ উন্নয়নৰ বাবে গধুৰ দায়িত্ব বহন কৰিছে।যাৰবাবে পাঁচটা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনত মিত্ৰজোঁটৰ প্ৰাৰ্থীক বিপুল ভোটৰ ব্যৱধানত বিজয়ী কৰাৰ বাবে ৰাইজ সাজু হৈছে।

তেনেদৰে সুদীৰ্ঘ দিন ধৰি অনুন্নত হৈ থকা ভৱানীপুৰ বিধানসভা সমষ্টিৰ দৰে এটা সন্মানীয় সমষ্টিৰ উন্নয়নৰ দায়িত্ব দিয়াৰ উদ্দেশ্যে ফনীধৰ তালুকদাৰক এআইইউএফ দল আৰু বিধায়ক পদ ত্যাগ কৰাই মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে উপ নিৰ্বাচনত জয়ী কৰাবলৈ বিচাৰিছে মিত্ৰজোঁটে।

ফনীধৰ তালুকদাৰৰ বিজয়ৰ পাছতেই ভৱানীপুৰ বিধানসভা সমষ্টিৰ ব্যাপক উন্নয়নৰ ধাৰা আৰম্ভ হ’ব “।ৰৌণগৌৰা নাৰ্জাৰীয়ে তেওঁৰ ভাষণত অসমত মিত্ৰজোঁট শক্তিশালী হৈ থাকিলেহে অসমখন আৰু অসমৰ সৰ্বস্তৰৰ ৰাইজ শক্তিশালী হৈ থাকিব বুলিও কয়। ইউপিপিএলৰ যুৱ কোষৰ শালবাৰী জিলা সমিতিৰ সভাপতি সত্যজিৎ বড়োৱে আত ধৰা জনসভাত আদৰণি ভাষণ দি শালবাৰী সমষ্টিৰ টিচিএলচিচিৰ অধ্যক্ষ বিনোদ মুছাহাৰীয়ে কয় যে ,ইউপিপিএল দলৰ পৰা ৩০ হেজাৰ ভোটদান কৰাৰ লগতে সৰ্বস্তৰৰ ৰাইজৰ ভোট লাভ কৰি মুঠ ৭৫ হেজাৰৰো অধিক ভোট লাভ কৰি ভৱানীপুৰ বিধানসভা সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থী ফনীধৰ তালুকদাৰৰ বিপুল ভোটৰ ব্যৱধানত বিজয়ী নিশ্চিত বুলি দাবী কৰে।

সভাত বিজেপিৰ অসম ৰাজ্যিক সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য ৰাতুল শৰ্মা, ইউপিপিএলৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক সুৰেশ সৰকাৰ, শালবাৰী জিলা সমিতিৰ সাধাৰণ সম্পাদক প্ৰদীপ সৰকাৰ, মহিলা কোষৰ কেন্দ্ৰীয় সভানেত্ৰী বীনা গয়াৰী,অগপৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য মৃণাল কলিতা, মিত্ৰজোঁটৰ প্ৰাৰ্থী ফনীধৰ তালুকদাৰে ভৱানীপুৰ বিধানসভা সমষ্টিত মিত্ৰজোটৰ গৌৰৱময় বিজয়ৰ দাবী কৰি ভাষণ দিয়াৰ লগতে ইউপিপিএলৰ মহিলা কোষৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদিকা বিউটি বসুমতাৰী, কেন্দ্ৰীয় উপ সভানেত্ৰী মাৰিয়াম তপ্পকে ধৰি বহুকেইগৰাকী মিত্ৰজোঁটৰ নেতা উপস্থিত থাকে।

Exit mobile version