‘গুলাব’ ছিতাব’-ৰ ‘বেগম’ অভিনেত্রী ফাৰুক জাফৰৰ দেহাৱসান । শুক্রবাৰে সন্ধিয়া সাত বজাত লখনৌত তেওঁৰ মৃত্যু হয় । মৃত্যুৰ সময়ত অভিনেত্রীগৰাকীৰ বয়স আছিল ৮৮ বছৰ ।
সম্প্রতি সুজিত সৰকাৰ পৰিচালিত ছবি ‘গুলব’ ছিতাব’ত অমিতাভ বচ্চনৰ স্ত্রী-ৰ ভূমিকাত অভিনয় কৰিছিল ফাৰুকে । পূৰ্বে আমিৰ খান প্রযোজিত ‘ছিক্রেট ছুপাৰষ্টাৰ’, ছলমান খানৰ ‘ছুলতান’ ছবিতো তেওঁক দেখিবলৈ পোৱা যায় । ৪০ বছৰৰ দীর্ঘ অভিনয় জীৱনত কেৱল বিগত ২০ বছৰতেই একডজনৰো অধিক ছবি কৰিছে ফাৰুকে । ইয়াৰ ভিতৰত অন্যতম হৈছে ‘পার্চড’, ‘পিপলি লাইভ’, ‘স্বদেশ’ ।
শনিবাৰে অভিনেত্রীগৰাকীৰ মৃত্যু সংবাদ টুইটাৰত জনায় তেওঁৰ নাতি শাজ আহমদে । শাজে লিখে, ‘মোৰ আইতা, স্বাধীনতা সংগ্রামী এছএম জাফৰৰ স্ত্রী আৰু প্রবীণ অভিনেত্রী ফাৰুক জাফৰ সোমবাৰে সন্ধিয়া সাত বজাত লখনৌত প্রয়াত হৈছে ।’ বলিউডৰ চিত্রনাট্যকাৰ জুহি চতুর্বেদীয়েও ইনষ্টাগ্রামত অভিনেত্রীগৰাকীক স্মৰণ কৰিছে ।
জুহিয়ে লিখিছে, ‘বেগম গুচি গ’ল । ফাৰুকজি আপোনাৰ দৰে মানুহ অতীতত নাছিল । ভৱিষ্যতেও নাথাকিব । মোৰ আপনাৰ সংগ পোৱাৰ সুযোগ দি ধন্য কৰিলে । য’তেই নাথাকক ভালে থাকক ।’
১৯৩৩ ত জৌনপুৰৰ এক জমিদাৰৰ পৰিয়ালত তেওঁ জন্মগ্ৰহণ কৰে । ১৬ বছৰ বয়সত লখনৌত আহে । পাছত সাংবাদিক আৰু স্বাধীনতা সংগ্রামী সৈয়দ মহম্মদ জাফৰক বিয়া কৰায় । বিয়াৰ পাছত লখনৌ বিশ্ববিদ্যালয়ৰ পৰা উচ্চশিক্ষা সম্পন্ন কৰে ফাৰুকে । পাছত অল ইণ্ডিয়া ৰেডিঅ’ত সংগীত শিল্পী হিচাপে যোগ দিয়ে । লখনৌ ৰেডিঅ’ত তেঁৱেই প্রথম মহিলা শিল্পী আছিল । পৰৱৰ্তী সময়ত অৱশ্যে গান এৰি থিয়েটাৰত অভিনয় কৰে । ১৯৮১ত মুজাফফৰ আলিৰ ছবি ‘উমৰাও জান’-ত অভিনয় কৰি তেওঁ বলিউড জগতত ভৰি থয় । ছবিত ৰেখাৰ মাতৃৰ চৰিত্রত অভিনয় কৰিছিল ফাৰুকে । ইয়াৰ পাছত দীর্ঘদিন তেওঁক বলিউডৰ কোনো চলচ্চিত্ৰত দেখা নাযায় ।
ফাৰুকৰ দ্বিতীয় ছবি মুক্তি পায় ২৩ বছৰ পাছত । ২০০৪ত শাহৰুখ খানৰ ছবি ‘স্বদেশ’-ত অভিনয় কৰিছিল । পাছত চক্রবেহু, তনু ৱেডছ মনু, আম্মা কি ব’লি-ৰ দৰে বহু ছবিত অভিনয় কৰিছিল । শেষবাৰ তেওঁক সুজিত সৰকাৰৰ দ্বাৰা পৰিচালিত ‘গুলাব’ ছিতাব’ ছবিত দেখা যায় । ছবিখনৰ বাবে ফিল্মফেয়াৰত পুৰস্কৃতও হৈছিল ফাৰুক । সহ অভিনেত্রী বিভাগত তেওঁ প্রবীণতম বিজেতা আছিল ।