Priyanka Gandhi : উত্তৰপ্রদেশ বিধানসভা নির্বাচনত ৪০ শতাংশ মহিলা প্রার্থী প্ৰক্ষেপ কৰিব কংগ্রেছে, ঘোষণা প্রিয়ংকাৰ

priyanka gandhi pti 1041432 1634466562

উত্তৰপ্রদেশৰ আসন্ন বিধানসভা নির্বাচনত কংগ্রেছৰ প্রার্থীসকলৰ ৪০ শতাংশই মহিলা হ’ব, মঙলবাৰে লখনৌত এই ঘোষণা কৰিলে প্রিয়ংকা গান্ধীয়ে । যদিও তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব নে নাই সেয়া এই পৰ্যন্ত স্পষ্ট কৰা নাই । সাংবাদিক বৈঠকত জনাইছে, ৪০৩টা আসনৰ প্রার্থী পদৰ বাবে পৃথককৈ আবেদনপত্র গ্রহণ কৰা হ’ব ১৫ নৱেম্বৰ পর্যন্ত ।

লখনৌত সাংবাদিক বৈঠকত প্রিয়ংকাই কয়, ‘‘আপোনালোকক (মহিলাসকলক) ৰক্ষা কৰিবলৈ কোনো নাই । যিসকলে আপোনালোকক ৰক্ষা কৰাৰ কথা কৈছে, তেওঁলোকে নিজৰ নিৰাপত্তা পায়, আপোনালোকৰ নাপায় ।’’ মঙলবাৰে তেওঁ মহিলাসকলক আগুৱাই আহি খোজত খোজ মিলাই যুঁজ দিয়াৰ কথা কয় । তেওঁ কয়, ‘‘আপোনালোকক দুহেজাৰ টকা আৰু গেছ চিলিণ্ডাৰ দি সন্তুষ্ট কৰিব বিচাৰিছে চৰকাৰে, কিন্তু নিৰাপত্তাৰ ক্ষেত্ৰত ধ্যান নাই । আমি শক্তিশালী মহিলা প্রার্থী বিচাৰো, দলীয়ভাৱে আমি মহিলাসকলক পৃথক প্রাধান্য দিম ।’’

সাংবাদিক বৈঠকত উত্তৰপ্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যানাথকো কটাক্ষ কৰে প্রিয়ংকাই । তেওঁ লখিমপুৰ খেৰিৰ সাম্প্রতিক প্রসংগ দাঙি ধৰিছে । কেন্দ্রীয় মন্ত্রীৰ গাড়ী ব্যৱহাৰৰ কথাও তেওঁ উত্থাপন কৰে । উন্নাও, হাথৰছ, সোনভদ্রৰ আদিবাসী মহিলাৰ ওপৰত নির্যাতন, এনে ধৰণৰ নানা প্রসংগ দাঙি ধৰি প্রিয়ংকাই কয়, ‘‘এই সিদ্ধান্ত এইসকল নির্যাতনৰ বিৰুদ্ধে বার্তা ।’’

Exit mobile version