হােৱাটছএপক প্রত্যাহ্বানৰ টেলিগ্রামৰ : ১০০ কোটিৰো অধিক হ’ল ডাউনলােড

whatsapp e telegram

জনপ্রিয় মেছেজিং এপ টেলিগ্রামে গুগল প্লে ষ্ট’ৰত এক বিলিয়ন ডাউনলােডৰ সীমা অতিক্রম কৰিলে। টেলিগ্রাম এপৰ ১০০ কোটিৰাে অধিক ডাউনলােডে আন এটি জনপ্রিয় মেছেজিং এপ হােৱাটছএপৰ প্রতি তীব্র প্রত্যাহ্বানৰ সৃষ্টি কৰিছে।

এই মুহূর্তত হােৱাটছএপ হৈছে বিশ্বৰ সবাতােকৈ অধিক ব্যৱহাৰ হােৱা মেছেজিং এপ। চলিত বৰ্ষতে ব্যৱহাৰকাৰীৰ বাবে হােৱাটছএপে নতুন প্রাইভেচি ফিচাৰ উপলব্ধ কৰিছে।

তদুপৰি কেইসপ্তাহ পূর্বে হােৱাটছএপ একেৰাহে সাতঘণ্টা ধৰি নিষ্ক্রিয় হৈছিল। এনে পৰিস্থিতিত টেলিগ্ৰামৰ জনপ্রিয়তা উধ্বমুখী হ’বলৈ ধৰিছে।

যােৱা মাৰ্চত ৩২ নিযুত আৰু এপ্রিলত ২৬ নিযুত স্মার্টফোন ব্যৱহাৰকাৰীয়ে টেলিগ্রাম এপ ডাউনলােড কৰিছিল। টেলিগ্ৰামত সম্প্রতি ৫০০ নিযুত সক্রিয় ব্যৱহাৰকাৰী আছে।

হােৱাটছএপৰ পাছতে এতিয়া মেছেজিং এপব্যৱহাৰকাৰীসকলে টেলিগ্রামক অগ্রাধিকাৰ দিছে। টেলিগ্ৰামৰ এনে দ্রুত জনপ্রিয়তা অব্যাহত থাকিলে আগন্তুক সময়ত এই মেছেজিং এপটোৱে হােৱাটছএপত ব্যাপক প্রত্যাহ্বান জনােৱাৰ সম্ভাৱনা আছে।

Exit mobile version