Aryan Khan Bail plea Rejected:আৰিয়ান খানৰ জামিনৰ আবেদন নাকচ ,মুম্বাইৰ উচ্চ ন্যায়ালয়ত উপস্থিত অধিবক্তা

ড্ৰাগছ গোচৰত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানৰ জামিনৰ আবেদন নাকচ মুম্বাইৰ বিশেষ এনডিপিএছ আদালত । ন্যায়াধীশে আৰিয়ানৰ স’তে তেওঁৰ বন্ধু আৰবাজ মাৰ্চেণ্ট আৰু মুনমুন ধামেছাৰ জামিন আবেদনও খাৰিজ কৰে৷

এনডিপিএছ আদালতৰ আবেদনৰ প্ৰতি সঁহাৰি নিদিয়াৰ বাবে আজি বম্বে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে আৰিয়ানৰ অধিবক্তাই ৷

যোৱা তিনি অক্টোবৰত মুম্বাইৰ উপকূলৰ কাষত এখন প্ৰমোদতৰীৰ পৰা আৰিয়ান খান সহ কেইবাজনো লোকক মাদক সেৱনৰ অভিযোগত গ্ৰেপ্তাৰ কৰে নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰো। ৷

কাৰাগাৰৰ পৰা মুকলি পাব নে নাই ,আজিৰ দিনতে সেই সন্দৰ্ভত ঘোষণা কৰা কথা আছিল মুম্বাইৰ বিশেষ এনডিপিএছ আদালতে ।

শেষত ন্যায়াধীশে ২৩ বছৰীয়া আৰিয়ানৰ জামিনৰ আবেদন আজি নাকচ কৰে৷

বোম্বাই উচ্চ ন্যায়ালয়ৰ জামিনৰ আবেদনৰ কথা উল্লেখ কৰি আৰিয়ানৰ অধিবক্তা অমিত দেশাই কয়, ‘জামিনৰ আবেদন প্ৰত্যাখ্যান কৰাৰ কাৰণ কি সেয়া আমাক জনোৱা হোৱা নাই।’

ইণ্ডিয়া টুডেত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, সেই প্ৰমোদতৰীত পাৰ্টীৰ সময়ত বলিউডৰ এগৰাকী উদীয়মান অভিনেত্ৰীৰ স’তে ড্ৰাগক লৈ আৰিয়ানৰ বাৰ্তা আদালতত দাখিল কৰিছে এনচিবিয়ে ।লগতে কে’বাজনো ড্ৰাগ সৰবৰাহকাৰীৰ স’তে আৰিয়ানৰ বাৰ্তালাপও দাখিল কৰা হৈছে।

Exit mobile version