ক’ভিডসৃষ্ট পৰিৱেশৰ পাছত আজি ৰাজ্যৰ চিত্ৰগৃহত প্রথমখন অসমীয়া ছবি ‘লাইফ ইন এ পাপেট’ৰ মুক্তি

গুৱাহাটীৰ পাঁচটা ছবিগৃহ সহিতে ৰাজ্যৰ মুঠ ১০ টা ছবিগৃহত মুক্তি, পুতলা নাচ আৰু ইয়াৰ শিল্পীসকলৰ জীৱনৰ ওপৰত ৰচিত হৈছে ছবিখন

WhatsApp Image 2021 10 21 at 7.03.17 PM

ক’ভিডসৃষ্ট পৰিৱেশৰ পাছত কাইলৈ অসমৰ ছবিগৃহলৈ আহিব প্ৰথমখন নতুন অসমীয়া ছবি ‘লাইফ ইন এ পাপেট’ । অসমৰ প্ৰাচীনতম লোককলা পুতলা নাচৰ ওপৰত আধাৰিত ছবিখন কাইলৈ অসমৰ ১০ টা ছবিগৃহত মুক্তিলাভ কৰিব । বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছক্লাৱত এক সংবাদমেলযোগে এই কথা সদৰী কৰে ছবিখনৰ পৰিচালক ৰাজেন দাসে । তেওঁ কয়, ‘অসমৰ জনজীৱনৰ স’তে সংপৃক্ত তথা অসমৰ স্বাভিমানক প্ৰতিনিধিত্ব কৰা পুতলা নাচ আজি অনাদৃত, অৱহেলিত । পুতলা নাচৰ শিল্পীসকলে অশেষ সংগ্ৰাম আৰু আৰ্থিক দুৰৱস্থাৰ মাজতো পুতলা নাচক জীয়াই ৰখাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে । তেওঁলোকৰ জীৱন সংগ্ৰামৰ লগতে অসমৰ পুতলা নাচক বিশ্বৰ প্ৰেক্ষাপটত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে এই ছবিখন নিৰ্মান কৰা হৈছে । ছবিখনৰ মূল চৰিত্ৰৰ লগতে কেইবাটাও চৰিত্ৰত পুতলা নাচৰ শিল্পীয়ে অভিনয় কৰিছে ।’

উল্লেখ্য, ‘লাইফ ইন এ পাপেট’ ছবিখনে ২০২০ৰ ডিচেম্বৰত কেন্দ্ৰীয় ফিল্ম ব’ৰ্ডৰ চেন্সৰ চাৰ্টিফিকেট লাভ কৰিছে । ছবিখনে ইতিমধ্যে বিশ্বৰ ২০খন আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত মনোনয়ন লাভ কৰাৰ লগতে কে’বাখনো মহোৎসৱত শ্ৰেষ্ঠ চলচ্চিত্ৰৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে । তেনেদৰে ছবিখনে বিভিন্ন শিতানত প্ৰায় ৩০টা পুৰস্কাৰ লাভ কৰিছে । ইটালী, চিলি, গ্ৰেট ব্ৰিটেইন, চেক ৰিপাব্লিক, শ্লোভাকিয়া, ছুইডেন, আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগতে ভাৰতৰ কে’বাখনো চলচিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছে । শেহতীয়াভাৱে UNESCO দিল্লীস্থ কাৰ্যালয়ে আয়োজন কৰা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱতো চলচ্চিত্ৰখনে মনোনীত হৈ বিশ্বজুৰি প্ৰদৰ্শিত হোৱাৰ সুযোগ লাভ কৰিছে । কাইলৈ ছবিখন গুৱাহাটীৰ মেট্ৰিক্স চিনেমাজ, অনুৰাধা চিনেমা, আইনক্স, গেলেৰীয়া, গ্ৰেণ্ড চিনেজ যোৰহাটৰ আইনক্স, শিৱসাগৰৰ ভাস্কাৰজ্যোতি, তেজপুৰৰ এম্পেৰিয়াৰ, বঙাইগাঁৱৰ জলিমেক্স আৰু তিনিচুকীয়াৰ ৰংঘৰ ট’কীজত ছবিখনে মুক্তিলাভ কৰিব ।

ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰা নাৰায়ণ ডেকা এগৰাকী পুতলা নাচৰ শিল্পী । তেওঁৰ জৰিয়তে পুতলা নাচৰ শিল্পীসকলৰ মৰ্মবেদনা ছবিখনত জীৱন্ত ৰূপত তুলি ধৰাৰ চেষ্টা কৰা হৈছে বুলি পৰিচালকে জানিবলৈ দিয়ে । ছবিখনৰ মুখ্য নাৰী চৰিত্ৰত অভিনয় কৰিছে আশা বৰদলৈয়ে । লগতে নবাগত দীপান্বিতা দাস আৰু অন্য কে’বাগৰাকী পুতলা নাচৰ শিল্পীয়ে ছবিখনত অভিনয় কৰিছে । ছবিখনৰ সংগীত তৰালী শৰ্মাৰ । উল্লেখ্য, ছবিখনৰ পৰিচালক ৰমেন দাসৰ ওপজা গাঁও ভালুকীয়ত চিত্ৰগ্ৰহণ কৰা হৈছে ।

সংবাদমেলত পৰিচালক ৰাজেন দাসে অসমৰ ৰাইজক এই ছবিখন চাবলৈ আহ্বান জনায় কয়, ‘অসমৰ পুতলা নাচক বিশ্বমুখী কৰাৰ লগতে এই শিল্পটোৰ স’তে জড়িত হৈ থকা শিল্পীসকলক সহায় কৰাৰ লক্ষ্যৰে নিৰ্মাণ কৰা হৈছে । অসমত প্ৰায় ডেৰ শতাধিক পুতলা নাচৰ শিল্পীয়ে নীৰৱে এই লোককলাৰ চৰ্চা অব্যাহত ৰাখিছে । অসমৰ ৰাইজে এই ছবিখন চাই তেওঁলোকে কৰি থকা সেই সাধনাক বুজি চাওক । ছবিখনত অভিনয় কৰা শিল্পীসকলে মাননি নোলোৱাকৈ ছবিখন কৰিছে তেওঁলোকৰ বাবে । আমি আমাৰ ছবিখনৰ বাবে এশ শতাংশ দিবলৈ চেষ্টা কৰিছো । আমি অস্কাৰৰ বাবে ছবিখন পঠাব নোৱাৰিলো । কিয়নো তাৰ বাবে প্ৰায় ৮২ হেজাৰ টকাৰ প্ৰয়োজন । যদি সম্ভৱ হয় অহা বছৰ পঠাবলৈ চেষ্টা কৰিম ।’

বৰ্তমান ছবিখন ১০টা ছবিগৃহত মুক্তি দিয়া হ’ব যদিও পৰৱৰ্তী সময়ত অসমৰ গাঁৱে-ভুৱে বিকল্প ব্যৱস্থাৰে ছবিখন দেখুওৱাৰ চেষ্টা কৰিব বুলিও তেওঁ সদৰী কৰে । তদুপৰি তেওঁ পৰৱৰ্তী ছবিখন ওজাপালিৰ ওপৰত নিৰ্মাণ কৰা হ’ব বুলিও জানিবলৈ দিয়ে । সংবাদমেলত কণ্ঠশিল্পী তৰালী শৰ্মাই অসমৰ ৰাইজক ছবিখন চাবলৈ অনুৰোধ জনাই দৰ্শকে এখন ব্যতিক্ৰম ছবি চাবলৈ পাব বুলি উল্লেখ কৰে ।

তেনেদৰে অভিনেত্ৰী আশা বৰদলৈয়ে হেৰাই যোৱাৰ উপক্ৰম হোৱা পুতলা নাচক পুনৰুজ্জীৱিত কৰাত অসমৰ ৰাইজৰ সহায় সহযোগিতাৰ প্ৰয়োজন হ’ব বুলি কয় । উল্লেখ্য, কাইলৈ গুৱাহাটীৰ বেলতলাৰ মেট্ৰিক্স চিনেমাজত দিনৰ ১১ বজাত ছবিখনৰ প্ৰিমিয়াৰ অনুষ্ঠিত হ’ব ।

Exit mobile version