ছুদানত শান্তি ৰক্ষাত অনন্য নজিৰ ভাৰতৰ আৰক্ষী বিষয়াৰ

1634905548 new project 2021 10 22t175541 428

দক্ষিণ ছুদানত শান্তি ৰক্ষাত অনন্য নজিৰৰ বাবে সন্মানিত হ’ল ভাৰতৰ ৰাজ্য আৰু কেন্দ্রীয় স্তৰৰ আৰক্ষী বিষয়া আৰু কর্মীসকল । ইয়াৰ উপৰি পৃথককৈ ৰাষ্ট্ৰসংঘৰ তৰফৰ পৰা সন্মান জনোৱা হ’ল সশস্ত্র সীমা বলৰ বিষয়া ৰাজেশ সিঙক । দক্ষিণ ছুদানৰ জুবাত ছেক্টৰ ফিল্ড বিয়া হিচাপে সন্মানিত কৰা হয় ৰাজেশক । দক্ষিণ ছুদানৰ সৰ্বাধিক ক্ষতিগ্রস্ত অঞ্চল, য’ত মূলতঃ শৰণাৰ্থীৰ ভিৰ, তাত শান্তি বজায় ৰাখবলৈ দিনৰ পাছত দিন ধৰি কাম কৰিছে ৰাজেশে ।

ৰাষ্ট্ৰসংঘৰ তৰফৰ পৰা কোৱা হৈছে, এই সমগ্ৰ অঞ্চলত শান্তি বজায় ৰাখিবলৈ দীর্ঘদিন এককভাৱে কাম কৰিছে ৰাজেশে । এই অঞ্চলত কেনেদৰে শান্তিশৃংখলা বজায় ৰাখিব পাৰি, সেই বিষয়ত বিশেষ ভূমিকা গ্ৰহণ কৰিছে তেওঁলোকে । তদুপৰি, বিভিন্ন সমাজকল্যাণমূলক কামতো অংশ তেওঁ অংশ লৈছে । আর্তজনক খাদ্য দিয়াৰ পৰা আৰম্ভ কৰি বিভিন্ন কামত অগ্রণী ভূমিকা লৈছিল ৰাজেশে । এই সমস্ত কামৰ বাবেই ৰাষ্ট্ৰসংঘৰ তৰফৰ পৰা ৰাজেশক এটা পদকো দিয়া হৈছে ।

Exit mobile version