Viral : তিনিটা মাথাযুক্ত সাপ নে অন্য কিবা ? ছবি দেখি হতভম্ব সামাজিক মাধ্যম ব্যৱহাৰকাৰী

FBtlqqsUUAYEne2

সম্প্রতি টুইটাৰত এটা ছবিক লৈ হৈ-চৈৰ সৃষ্টি হৈছে । ছবিখনত দেখা গৈছে তিনিটা মাথাযুক্ত এটা ‘সাপ’ গছৰ ডালত আছে । সাপ দেখিলে এনেয়ে অনেকে স্তব্ধ হৈ পৰে । তাতে আকৌ তিনিটা মাথা থকা সাপ ! এই ছবিখনক লৈ এতিয়া হুলস্থূল সামাজিক মাধ্যমত ।

ছবিটো টুইটাৰত ‘ৰব এন ৰোল’ নামে এটা একাউন্টৰ পৰা প’ষ্ট কৰা হৈছে । ছবিটো দেখাৰ পাছথ কোনো কোনোৱে কয়, ‘এংৰি স্নেক’, আন কোনোৱে আকৌ কয় চমৎকাৰ । এই ছবিটো যে এটা চমক আছে সেইটো প্রথম দেখিলে কোনেও ধৰিব নোৱাৰে ।

এই ছবিত চমক ক’ত ?

এইটো প্রকৃতিৰেই এটা নিদর্শন । বিশ্বত কিমান প্ৰজাতিৰ প্রাণী আছে আৰু চিকাৰৰ পৰা হাত সাৰিবলৈ কেনেদৰে নিজৰ অভিযোজন কৰে তাৰেই নিদর্শন এইটো । ছবিটোত দেখা পোউ ‘তিনি মাথাযুক্ত সাপ’ প্ৰকৃততে এটা পখিলা । নাম ‘এটাকাছ এটলাছ’ । বিশ্বৰ বৃহত্তম পখিলা এইটো । ইহঁতৰ আয়ুস মাত্র দুসপ্তাহ । ইহঁতে কণী পৰা আৰু কণীবোৰক চিকাৰীৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ সাপৰ দৰে ছদ্মৰূপ ধাৰণ কৰে । অৰ্থাৎ, ছবিত দেখা তিনিটা মাথাযুক্ত সাপ বুলি ভ্রম হোৱা, জীৱটো বিষযুক্ত নহয়, সাপো নহয় । এটা নিৰীহ পতংগহে ।

Exit mobile version