নুমলীগড়ত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

নুমলীগড়ৰ মৰঙী ধলাখাট গাঁৱৰ পথাৰৰ মাজত ১১ কেভি লাইনত বিদ্যুৎস্পৃষ্ট হৈ এটা মাইকী হাতীৰ কৰুণ মৃত্যু হয় । ধাননি পথাৰত ধান খাই পুৱা উভতি যাওঁতেই সংঘটিত হয় এই কৰুণ ঘটনা ।

নিতৌ খাদ্যৰ সন্ধানত পথাৰখনৰ মাজত বিচৰণ কৰি আহিছিল প্ৰায় শতাধিক বন্যহস্তীৰ জাকে । বৰ্তমান বকিয়াল বন খণ্ডৰ লোকে ঘটনাস্থলীত উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে । বৰ্তমানেও হাতীৰ বৃহৎ জাকটোৱে কাষৰে এখন চাহ বাগিছাত অৱস্থান কৰি আছে ।

Exit mobile version