Coronavirus : সংক্রমণ ৰোধ কৰিবলৈ চীনত বন্দী জনসাধাৰণ

wuhan virus

পুনৰ সংক্রমণ বৃদ্ধি পাইছে চীনে । কৰ’নাভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ পুনৰ তলাবন্ধ আৰম্ভ কৰা হৈছে চীনৰ ইজিন কাউন্টিত । গৃহবন্দী কৰা হৈছে বাসিন্দাসকলক । স্থানীয় সংবাদমাধ্যম সূত্রে খবৰ, কৰ’নাৰ ডেল্টা ষ্ট্ৰেনৰ ফলত নতুনকৈ ঊর্ধ্বমুখী সংক্রমণৰ গ্রাফ ।

অৱশ্যে সংক্রমণৰ সংখ্যাটো বিশ্বৰ অন্য প্রান্তৰ তুলনাত একোৱেই নহয় । সোমবাৰে চীনত ৩৮ জন সংক্রমিত হৈছে । কিন্তু আৰম্ভণিতেই সতৰ্কতা অৱলম্বন কৰিব বিচাৰিছে চৰকাৰে । সেয়ে এই ব্যৱস্থা ।

চীনৰ ‘ইনাৰ মংগোলিয়া’ অঞ্চলত ইজিন কাউন্টি । অঞ্চলটোৰ ৩৫ হেজাৰ ৭০০ জন বাসিন্দাক গৃহবন্দী কৰিছে চৰকাৰে । তেওঁলোকক জনোৱা হৈছে, ঘৰৰ বাহিৰত ওলালেই আইনী শাস্তি । সামাজিক অপৰাধ হিচাপে গণ্য কৰা হ’ব চৰকাৰী নির্দেশ লংঘনক । সম্প্ৰতি ইজিনক হট্‌স্পট ঘোষণা কৰিছে চীনে । চৰকাৰৰ মতে, বিগত সপ্তাহত সমগ্ৰ দেশজুৰি যি সংক্রমণ ধৰা পৰিছে, তাৰ এক-তৃতীয়াংশ ইজিনৰ বাসিন্দাসকলৰ পৰা হৈছে । কালি দেশৰ স্বাস্থ্য কমিছনে এই বিষয়ত সতর্কবার্তা দিছে । তেওঁলোকে কয়, ১১টা প্রদেশত ক্রমে পৰিস্থিতি জুৰুলা হৈছে ।

ৰাষ্ট্ৰীয় স্বাস্থ্য কমিছনৰ কৰ্মকর্তা উলিয়ানগিৱে জনায়, ৰাজধানী বেইজিঙৰ নতুন সংক্রমণ ধৰা পৰিছে । দেশৰ যি সমূহ অঞ্চলত ক’ভিড সংক্রমণ হৈছে, তাৰ পৰা কোনো ব্যক্তিক বেইজিঙত প্ৰৱেশ কৰিবলৈ দিয়া নাই । যিয়ে বেইজিঙত প্ৰৱেশ কৰিব‌ই লাগিব, তেওঁলোকে নেগেটিভ ৰিপ’র্ট দেখাব লাগিব । ইয়াৰ উপৰি বেইজিঙত সোমোৱাৰ পাছত দুসপ্তাহ পৰ্যৱেক্ষণত থাকিব লাগিব ।

সমগ্ৰ বিশ্ব‌ই, অতিমাৰী ক্রমশ এণ্ডেমিক বা স্থানীয় ৰোগত পৰিণত হ’ব বুলি কোৱাৰ সময়তে, চীন স্থানীয় সংক্রমণ ৰোধ কৰাত বদ্ধপৰিকৰ । ছিংগাপুৰৰ পৰা অষ্ট্ৰেলিয়া, আমেৰিকা, ইউৰোপ, সকলোৱে অর্থনৈতিক পৰিস্থিতি স্বাভাৱিক কৰাৰ চেষ্টাত । এই সমূহ দেশেৰ মতে, কৰ’নাভাইৰাছ বিশ্বত থাকি যাব । ইয়াক নিশ্চিহ্ন কৰা সম্ভৱ নহয় । কিন্তু ক্রমশ ই শক্তি হেৰুৱাই স্থানীয় ৰোগত পৰিণত হ’ব । চীনে অৱশ্যে ক’ভিড সংক্রমণক ‘জিৰো টলাৰেন্স পলিচি’ হিচাপে লৈছে । ইতিমধ্যে চীনত ৭৬ শতাংশ বাসিন্দাৰ টিকাকৰণ সম্পূর্ণ হৈছে । পাঁচটা প্রদেশে ঘোষণা কৰিছে, তিনিৰ পৰা ১১ বছৰৰ শিশুসকলৰ টিকাকৰণ শীঘ্রে আৰম্ভ হ’ব ।

Exit mobile version