Covaxin:এইবাৰো অনুমতি পত্ৰ নাপালে ক’ভেক্সিনে

india to send covaxin covishield to other nations as goodwill gesture

ক’ভেক্সিন প্ৰস্তুতকাৰী সংস্থা ভাৰত বায়’টেকৰ পৰা আৰু নথি পত্ৰ বিচাৰিলে বিশ্ব স্বাস্থ্য সংস্থাৰ বিশেষজ্ঞ সমিতিয়ে ।অহা দুই-তিনিদিনৰ ভিতৰত ক’ভেক্সিনক অনুমতি পত্ৰ দিয়া হ’ব পাৰে বুলি মঙলবাৰে হু’ৰ তৰফৰ পৰা জনোৱা হৈছে যদিও এই প্ৰক্ৰিয়াত কিছু পলম হোৱাৰ সম্ভাৱনা আছে ।

ক’ভেক্সিন ব্যৱহাৰৰ বিপদাশংকা আৰু সফলতাৰ বিষয়ে বিভিন্ন তথ্য আৰু নথিপত্ৰ পৰীক্ষা কৰিবলৈ হু’ৰ বিশেষজ্ঞ সমিতিয়ে মঙলবাৰে বৈঠকত মিলিত হয় । বিশেষজ্ঞসকলে সমগ্ৰ বিশ্বতে ভাৰতীয় নিৰ্মিত ক’ভিড টিকাক অনুমতি পত্ৰ দিবলৈ সন্মত হৈছিল ।

কিন্তু হু’ৱে আৰু কিছুমান গুৰুত্বপূৰ্ণ নথিপত্ৰ পৰীক্ষা নকৰালৈকে ক’ভেক্সিনক অনুমতি পত্ৰ নিদিয়াৰ সিদ্ধান্ত লৈছে হু-ৱে ।

ভাৰত বায়’টেকে দাবী কৰিছে, কৰ’না প্ৰতিৰোধ কৰাত ক’ভেক্সিন ৭৭.৮ শতাংশ কাৰ্যকৰী । ডেল্টা ৰূপৰ বিৰুদ্ধে প্রতিৰোধ ক্ষমতা গঢ়ি তোলাটো ৬৫.২ শতাংশ কার্যকৰী তেওঁলোকৰ প্রতিষেধক । এই দাবীৰ প্ৰমাণ হিচাপেই প্ৰতিষেধক নিৰ্মাণ কোম্পানীটোৰ পৰা অধিক নথিপত্ৰ বিচাৰিছে হু’ৱে ।

Exit mobile version